ভাৰতক বচাব বিচৰা প্ৰতিখন ঘৰেই ৰাহুল গান্ধীৰো ঘৰঃ প্ৰকাশ ৰাজ

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক নিজৰ চৰকাৰী বাংলো খালী কৰিবলৈ দিয়া নিৰ্দেশৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অভিনেতা প্ৰকাশ ৰাজে কয় যে এই দেশক বচাব বিচৰা প্ৰতিজন ব্যক্তিৰ ঘৰখন ৰাহুল গান্ধীৰো ঘৰ।

অভিনেতাগৰাকীয়ে কয়, “প্ৰিয় ৰাহুল গান্ধী, এই অত্যাচাৰীসকলৰ পৰা আমাৰ দেশক উদ্ধাৰ কৰিব বিচৰা প্ৰতিটো ঘৰেই আপোনাৰ ঘৰ।”

উল্লেখ্য যে, ২০১৯ চনত কৰা ‘মোডী উপাধি’ৰ মন্তব্যক লৈ অপৰাধমূলক মানহানিৰ গোচৰত দোষী সাব্যস্ত হোৱাৰ পিছতে সাংসদ পদ খাৰিজ কৰা হৈছিল ৰাহুল গান্ধীৰ।

সমান্তৰলভাৱে কংগ্ৰেছ নেতাগৰাকীক চৰকাৰী বাংলো খালী কৰিবলৈও নিৰ্দেশ দিয়া হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *