সোমবাৰে গুৱাহাটী আৰক্ষীয়ে ৭০ কিলোগ্ৰামতকৈ অধিক ওজনৰ গাঞ্জাসহ দুজন ব্যক্তিক আটক কৰিবলৈ সক্ষম হয়।
প্ৰাথমিক খবৰ অনুসৰি গুৱাহাটীৰ বেতকুছি অঞ্চলৰ আই এছ বি টিত গুৱাহাটী আৰক্ষীয়ে নিৰ্দিষ্ট তথ্যৰ ভিত্তিত এক অভিযান চলায়।
এই অভিযানত প্ৰায় ৭৭ কিলোগ্ৰাম গাঞ্জা জব্দ্ কৰে আৰক্ষীয়ে।
আন্তঃৰাষ্ট্ৰীয় ড্ৰাগছ বজাৰত জব্দ কৰা গাঞ্জাখিনিৰ মূল্য প্ৰায় ৭ লাখ টকা হব বুলি অনুমাম কৰা হৈছে।
তদুপৰি বিষয়াসকলে আৰু জনাইছে যে গাঞ্জাৰ চালানটো ত্ৰিপুৰাৰ পৰা এখন মালবাহী ট্ৰাকত চোৰাংভাৱে অনা হৈছিল।
গুৱাহাটী আৰক্ষীয়ে চোৰাং ব্যৱসায়ৰ অভিযোগত ট্ৰাকখনৰ চালক আৰু সহ-পাইলটক সোধা-পোছাৰ বাবে আটক কৰিছে।
গুৱাহাটীত এই অভিযানৰ সময়ত আৰক্ষীয়ে আটক কৰি ৰখা লোক দুজনক ত্ৰিপুৰাৰ নিবাসী বাবুল বিশ্বাস আৰু হৰধন হৃষী দাস বুলি চিনাক্ত কৰা হৈছে।