ঘোচ লৈ গ্ৰেপ্তাৰ হোৱা জিএমচিৰ মুখ্য অভিযন্তা ইন্দ্ৰজিৎ বৰাৰ বাসগৃহৰ পৰা উদ্ধাৰ অবৈধ মৰাণাস্ত্ৰ…

বুধবাৰে গ্ৰেপ্তাৰ হোৱা গুৱাহাটী পৌৰ নিগমৰ মুখ্য অভিযন্তা ইন্দ্ৰজিৎ বৰাৰ বাসগৃহৰ পৰা উদ্ধাৰ এটা পিষ্টল, এয়াৰ গান আৰু ১০ জাঁই পইণ্ট ২২ গুলী।

উৎকোচ গ্ৰহণৰ অভিযোগত বিষয়াগৰাকীক গ্ৰেপ্তাৰ কৰাৰ পিছত দুৰ্নীতি বিৰোধী বিভাগে চলোৱা তালাচী অভিযানত উদ্ধাৰ কৰে অস্ত্ৰ-শস্ত্ৰ।

অভিযোগকাৰীৰ পৰা উৎকোচ গ্ৰহণ কৰি থকা অৱস্থাত মুখ্য অভিযন্তাজনক হাতে লোটে গ্ৰেপ্তাৰ কৰে ভিজিলেন্স আৰু দুৰ্নীতি নিৰোধ সঞ্চালকালয়ৰ কোষৰ বিষয়াৰ এটা দলে।

সূত্ৰ অনুসৰি বৰাক অভিযোগকাৰীৰ পৰা নিৰাপত্তা জমা ধন মুকলি কৰি দিয়াৰ বাবে ৪ হাজাৰ টকা গ্ৰহণ কৰি থকাৰ সময়তে গ্ৰেপ্তাৰ কৰা হয়। অভিযোগকাৰীক ঠিকাদাৰ হিচাপে চিনাক্ত কৰা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *