প্লে অফত প্ৰৱেশত ব্যৰ্থ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ

মহিলা প্ৰিমিয়াৰ লীগৰ প্ৰথম ছিজনৰ ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰ মহিলা দলৰ বাবে স্মৰণীয় নাছিল। আৰচিবিৰ দলটোৱে প্লে অফত প্ৰৱেশ কৰিবলৈ ব্যৰ্থ হয়। দলৰ অধিনায়ক স্মৃতি মান্ধানা লীগৰ প্ৰথম ছিজনৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ আছিল। আৰচিবিয়ে তেওঁক ৩.৪০ কোটি টকা খৰচ কৰি দলত অন্তৰ্ভুক্ত কৰিছিল। আন্তৰ্জাতিক ক্ৰিকেটত দুৰ্দান্ত প্ৰদৰ্শন কৰা স্মৃতি মহিলাৰ আই পি এল ২০২৩ ত চুপাৰ ফ্লপ আছিল। তেওঁ এখন খেলতো ভাল প্ৰদৰ্শন কৰিব নোৱাৰিলে। যদি লীগত সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈৰ তালিকাখন লক্ষ্য কৰা যায় স্মৃতি এই ক্ষেত্ৰত শীৰ্ষ-১৫ ৰ বাহিৰত আছে। অৱশ্যে, দল পৰিচালনাৰ তেওঁৰ পৰা উচ্চ প্ৰত্যাশা আছিল।
স্মৃতি মান্ধানা মহিলা প্ৰিমিয়াৰ লীগত বেয়াকৈ ফ্লপ হৈছিল। তেওঁ এই লীগত এটাও অৰ্ধশতক অৰ্জন কৰিব নোৱাৰিলে। দলটোৰ অধিনায়ক হৈ থাকোতে তেওঁ ৮ খন খেল খেলিছিল। এই সময়ছোৱাত তেওঁৰ বেটৰ পৰা ১৪৯ ৰান অর্জন কৰিছিল। মহিলাৰ আই পি এলৰ এই ছিজনত তেওঁৰ সৰ্বাধিক স্ক’ৰ আছিল ৩৭ ৰান। তেওঁ ৮ খন খেলত ২২ টা চাৰি আৰু মাত্ৰ তিনিটা ছয় মাৰিবলৈ সক্ষম হৈছিল। সৰ্বাধিক ৰান সংগ্ৰহ কৰা খেলুৱৈৰ তালিকাত তেওঁ ১৭ নম্বৰত আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *