মাৰ্ঘেৰিটা দিহিং চাহবাগিছাৰ সমিপত পথ দুৰ্ঘটনা


মাৰ্ঘেৰিটা দিহিং চাহবাগিছাৰ সমিপত পথ দুৰ্ঘটনাত এজন লোক থিতাতে নিহত। দিহিং চাহবাগিছাৰ অল্ড লাইনৰ নটেল ছত্ৰিয়া (৫৭) নামৰ দিহিং চাহবাগিছাৰে শ্ৰমিক জনে নিজগৃহলৈ খোজ কাঢ়ি গৈ থকা অৱস্থাত পাছফালৰ পৰা তীব্ৰ বেগত আহি থকা AS23G 0646 নম্বৰৰ অটখনে খুণ্ডা মৰাৰ ফলত নটেল ছত্ৰিয়াৰ থিতাতে মৃত্যু হয়। ঘটনাস্থলীত মাৰ্ঘেৰিটা আৰক্ষী উপস্থিত হৈ মৃতদেহ চমজিলৈ তদন্ত আৰম্ভ কৰিছে। দুৰ্ঘটনা সংঘটিত কৰা অ’ট খন আৰক্ষীয়ে জব্দ কৰিছে যদিওঁ চালকজন পলায়ন কৰে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *