বিজনীৰ ড্ৰাগছসহ এজনক আটক আৰক্ষীৰ।চিৰাং জিলাৰ বিজনীত ড্ৰাগছৰ বিৰূদ্ধে অভিযান অব্যাহত আছে বিজনী আৰক্ষীৰ । বুধবাৰ নিশা বিজনী আৰক্ষীৰ এক গোপন খবৰৰ ভিত্তিত কাৱাটিকাত অভিযান চলাই কাৱাটিকাৰ তিনি আলীত ড্ৰাগছসহ এজনক আটক কৰে বিজনী আৰক্ষীয়ে। আটক কৰা লোকজনৰ নাম শ্বা মহম্মদ আলী(২৩) বুলি জানিব পৰা গৈছে । সৰবৰাহকাৰীজন চাইকেলেৰে লৈ আহিছিল ড্ৰাগছসমূহ । পাছলৈ বিজনী আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰীজন । ধৃত সৰবৰাহকাৰীৰ পৰা ছয়টা কন্টেনাৰ ভৰ্তি ড্ৰাগছ, এটা চিৰিঞ্জ, এটা মোৱাইল, এটা চাইকেল জব্দ কৰিব সক্ষম হয় । জব্দকৃত ড্ৰাগছৰ ওজন ৭.৮৫ গ্ৰাম । জানিব পৰা মতে শ্বাহ মহম্মদ আলীৰ ঘৰ কাৱাটিকাত । পাছলৈ আৰক্ষীয়ে জব্দকৃত সামগ্ৰীসহ শ্বাহ মহম্মদ আলীৰ আটক কৰি বিজনী থানাত লৈ আনি অধিক তথ্যৰ বাবে সোধ- পোছ অব্যাহত ৰাখিছে ।
