বৃহস্পতিবাৰে নিশা ওদালগুৰি জিলাত কেইবাটাও ডকাইতিৰ গোচৰত মষ্ট ৱাণ্টেড এজন ডকাইতক গুলীয়াই হত্যা কৰা হয়।
ৰৌতা থানাৰ অন্তৰ্গত দৈফাং খুটিত এই ঘটনাৰ খবৰ পোৱা গৈছে।
ভয়ংকৰ অপৰাধীজনৰ নাম কিনাৰাম বড়ো।
আৰক্ষীৰ মতে, আৰক্ষীৰ দল আৰু ডকাইতৰ মাজত হোৱা গুলীয়াগুলিৰ সময়তে দুৰ্ধৰ্ষ ডকাইতজনৰ গুলীবিদ্ধ হৈ মৃত্যু ঘটে।
এই ঘটনাত দুজন আৰক্ষীও গুলীত আঘাতপ্ৰাপ্ত হয়।
ইফালে আৰক্ষীয়ে স্থানৰ পৰা এটা পিষ্টল আৰু সজীৱ কাৰ্টিজ উদ্ধাৰ কৰে।