গুৱাহাটীঃ বৃহস্পতিবাৰে নিশা গুৱাহাটী মহানগৰীৰ এখন বজাৰত ব্যাপক অগ্নিকাণ্ড সংঘটিত হৈ কমেও ৩০টা ঘৰ ধ্বংস হয়।
গুৱাহাটীৰ হাতীগাঁও অঞ্চলৰ অজন্তা পথত নিশা প্ৰায় ১০.১৫ বজাত সংঘটিত হয় এই ঘটনা।
অৱশ্যে অগ্নিকাণ্ডৰ সঠিক কাৰণ এতিয়াও জানিব পৰা হোৱা নাই।
সূত্ৰ অনুসৰি এই ঘটনাত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।
ইফালে, এই অগ্নিকাণ্ডত কেইবা লাখ টকাৰ সা-সম্পত্তি ক্ষতিগ্ৰস্ত হোৱাৰ সন্দেহ। শ্বৰ্ট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড সংঘটিত হোৱা বুলি সন্দেহ কৰিছে স্থানীয় ৰাইজে।
এই ঘটনাৰ পিছতে ১৫খন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ততাতৈয়াকৈ সেই স্থানলৈ প্ৰেৰণ কৰা হয়। অগ্নিনিৰ্বাপক বাহিনীয়ে তিনি ঘণ্টাৰো অধিক সময় সংগ্ৰাম কৰি জুই নিৰ্বাপন কৰে।