বঁটা প্ৰদান ড॰ ভবেন্দ্ৰ নাথ শইকীয়া, সংগীত শিল্পী

শিশুৰ সাংস্কৃতিক তথা সামাজিক বিকাশৰ লক্ষ্যেৰে প্ৰতিষ্ঠিত আৰোহণ [ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাস]ৰ উদ্যোগত আজি অসমৰ সাহিত্য, শিল্প আৰু বিদ্যায়তনিক ক্ষেত্ৰখনৰ অন্যতম কাণ্ডাৰী ড॰ ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ ওপজা দিন বৰ্ণাঢ্য কাৰ্যসূচীৰে পালন কৰা হয়৷ পুৱা ১০ বজাত আৰোহণ চৌহদত ড॰ ভবেন্দ্ৰ নাথ শইকীয়াদেৱৰ প্ৰতিমূত্তিৰ্ৰ সন্মুখত মুখ্য ন্যাসৰক্ষী প্ৰীতি শঁইকীয়াই বন্তি প্ৰজ্বলন কৰে৷ ৪.৩০ বজাত আৰোহণ প্ৰেক্ষাগৃত আয়োজিত বঁটা প্ৰদান অনুষ্ঠানত নিত্যানন্দ ডেকাৰ পৰিচলানাত আৰোহণৰ শিক্ষাৰ্থীসকলে বৰগীত পৰিৱেশন কৰে৷ ইন্দ্ৰজিৎ দাসে আঁত ধৰা অনুষ্ঠানৰ সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ন্যাসৰ সচিব মলয়া গোস্বামীয়ে৷ অনুষ্ঠানত সংগীত পৰিচালক, সুৰকাৰ, কণ্ঠশিল্পী নিলোৎপল বৰাক ২০২২ বৰ্ষৰ বাবে আৰোহণৰ তৰফৰ পৰা ড॰ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰা হয়৷ এই বৰ্ষৰ বঁটাৰ লগত বঁটাপ্ৰাপকক চেলেং, ফুলৰ তোৰা, কাঠেৰে নিৰ্মিত গঁড়, কিতাপৰ টোপোলা, স্মাৰক, সম্বৰ্ধনা পত্ৰ আৰু পঁচিছ হাজাৰ টকাৰ চেক্‌ প্ৰদান কৰা হয়৷ উল্লেখ্য যে এই অনুষ্ঠানতে ডঃ ৰীতামণি বৰাৰ ‘ভবেন্দ্ৰ নাথ শইকীয়াৰ গল্পৰ শিল্প আৰু শৈলী বিশ্লেষণ’ নামৰ গৱেষণাধৰ্মী গ্ৰন্থখন উন্মোচন কৰে ডঃ কুলেন্দু পাঠকদেৱে৷ গ্ৰন্থখন উন্মোচন কৰি ডঃ পাঠকদেৱে গ্ৰন্থখনে ভবেন্দ্ৰনাথ শইকীয়াৰ সাহিত্য, নাটক, চিনেমাকে ধৰি বৰ্ণাঢ্য জীৱনৰ পুংখানুপুংখ বিশ্লেষণে গৱেষণাৰ নতুন দিশৰ সন্ধান দিব বুলি ব্যক্ত কৰে৷ বিশিষ্ট অতিথি ডঃ অমৰজ্যোতি চৌধুৰীদেৱে ভাষণ প্ৰসংগত ডঃ শইকীয়াদেৱক ওচৰৰ পৰা কেনেদৰে পাইছিল, তেখেতৰ পৰা সাহিত্য সৃষ্টি কৰিবলৈ কেনেদৰে প্ৰেৰণা পাইছিল, তেখেতৰ সাহিত্য-নাটক-চলচ্ছিত্ৰই মন চুই যোৱাৰ কথা উল্লেখ কৰে৷ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক বিষ্ণু কমল বৰাদেৱে ডঃ শইকীয়াদেৱৰ বিভিন্ন দিশৰ বিশদ বিশ্লেষণ কৰাৰ লগতে তেখেতৰ সান্নিধ্যৰ কথা ৰোমন্থন কৰে৷ ভবেন্দ্ৰ নাথ শইকীয়া শিশু কল্যাণ ন্যাসৰ মুখ্য ন্যাসৰক্ষী প্ৰীতি শইকীয়াই আগন্তুক দিনবোৰতো অনুষ্ঠানটোৰ জৰিয়তে সাহিত্য-সংগীত-অভিনয় জগতৰ বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰাৰ অংগীকাৰ কৰে৷ উল্লেখ্য যে ড॰ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটাপ্ৰাপক নিলোৎপল বৰাই অসমীয়া সংগীতক এক নতুন ধাৰাৰে পৰিৱেশন কৰি শ্ৰোতাৰ মন জয় কৰিছে৷ লগতে বৰা বৰ্তমান মুম্বাইৰ সংগীত জগতত নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হৈছে৷ ন্যাসৰক্ষী ডঃ হিতেশ ডেকা, ডাঃ হেমেন বৰ্মন, নুৰুদ্দিন আহমেদ, গোপাল জালান, উৎপল বাদল বৰৱা আদিৰ লগতে অনুষ্ঠানৰ জন্মলগ্নৰ পৰা জড়িত থকা ব্যক্তিসকল উপস্থিত থাকে৷ উল্লেখ্য যে ২০১৮ বৰ্ষৰ পৰা প্ৰতিবছৰে সাহিত্য, কলা-সংস্কৃতিৰ ক্ষেত্ৰলৈ বৰঙনি আগবঢ়োৱা ৫০ ৰ অনূধবৰ্ৰ এগৰাকী ব্যক্তিক আৰোহণৰ তৰফৰ পৰা ড॰ ভবেন্দ্ৰ নাথ শইকীয়া সোঁৱৰণী বঁটা প্ৰদান কৰি অহা হৈছে৷ ২০১৮ বৰ্ষৰ বাবে কণ্ঠশিল্পী অনিন্দিতা পাল, ২০১৯ বৰ্ষৰ বাবে কবি মণিকা দাস, ২০২০ বৰ্ষৰ বাবে অভিনেতা বলোৰাম দাস আৰু ২০২১ বৰ্ষৰ বাবে লেখিকা শৰ্মিষ্ঠা প্ৰীতমক এই বঁটা প্ৰদান কৰা হৈছিল৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *