২ হাজাৰ কোটি টকাৰ উৎকোচৰ বিনিময়ত শিণ্ডে গোটক গতাই দিয়া হৈছে শিৱসেনাৰ প্ৰতীক আৰু নামঃ বিস্ফোৰক অভিযোগ সঞ্জয় ৰাউতৰ

একনাথ শিণ্ডে গোটক শিৱসেনাৰ নাম আৰু দলৰ প্ৰতীক গতাই দিবলৈ টকাৰ খেলা চলিছিল। ইয়াৰ বাবে দিয়া হৈছে ২ হাজাৰ কোটি টকাৰ উৎকোচ। এই বিস্ফোৰক অভিযোগ সাংসদ তথা উদ্ধৱ থাকৰেৰ ঘনিষ্ঠ সঞ্জয় ৰাউতৰ। ৰাউতৰ এই অভিযোগৰ পিছতে মহাৰাষ্ট্ৰত আৰম্ভ হৈছে এক নতুন ৰাজনৈতিক অস্থিৰতা।

এই বিষয়ত দেওবাৰে সঞ্জয় ৰাউটে টুইট কৰে। তাত তেওঁ লিখিছে, “শিৱসেনাৰ নাম আৰু দলৰ প্ৰতীকটো শিণ্ডে গোটক গতাই দিয়াটো ডাঙৰ কথা আছিল। ধনৰাশি আছিল ২০০০ কোটি টকাতকৈও অধিক। প্ৰথম অৱস্থাত আমি এই তথ্য জানিবলৈ পালোঁ। কিন্তু এই তথ্য ১০০ শতাংশ শুদ্ধ।”

উদ্ধৱৰ ঘনিষ্ঠ ৰাউতে এই ঘটনাক অভূতপূৰ্ব বুলি অভিহিত কৰে। “দেশৰ ইতিহাসত এনেকুৱা এটা পৰিঘটনা আগতে কেতিয়াও হোৱা নাই। এতিয়াও আৰু বহুতো আচৰিত কথা অপেক্ষা কৰি আছে। সময় আহিলে মই সকলো প্ৰমাণ কৰিম।” ৰাউতে নিজৰ টুইটাৰ হেণ্ডেলত লিখিছে।

এই উৎকোচৰ আঁৰত কোন আছে সেই কথাও ইংগিত দিয়ে মহাৰাষ্ট্ৰৰ সাংসদগৰাকীয়ে। ৰাউতে দাবী কৰে যে, “প্ৰতিজন বিধায়কৰ বাবে ৫০-৫০ কোটি টকা খৰচ কৰি দল ভংগ কৰা সকলেই এই ষড়যন্ত্ৰৰ আঁৰত আছে। ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ বিষয়াক শিৱসেনাৰ নাম আৰু দলৰ প্ৰতীক দিবলৈ ধন দিয়া হৈছিল।

ৰাজনৈতিক বিশ্লেষকসকলে দাবী কৰিছে যে এই গোচৰত ৰাউতে পূৰ্বৰ মিত্ৰজোঁটৰ অংশীদাৰ বিজেপিক লক্ষ্য কৰি লৈছে। বিজেপি শিবিৰে ইয়াক ভিত্তিহীন বুলি উলাই কৰিলে।

যোৱা শুকুৰবাৰে ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগে শিৱসেনাৰ নাম আৰু দলীয় প্ৰতীক ব্যৱহাৰ সন্দৰ্ভত এক উল্লেখযোগ্য নিৰ্দেশ জাৰি কৰিছিল। বাল থাকৰে প্ৰতিষ্ঠা কৰা দলটোৰ নাম আৰু প্ৰতীক তেওঁৰ পুত্ৰ উদ্ধৱ আৰু তেওঁৰ অনুগামীসকলে ব্যৱহাৰ কৰিবলৈ দিয়া নাছিল।

এই দুয়োটা ব্যৱহাৰ বিজেপিৰ সৈতে মিত্ৰতা কৰি চৰকাৰত থকা বিদ্ৰোহী একনাথ শিণ্ডে গোটক প্ৰদান কৰা হৈছে। অৰ্থাৎ প্ৰকৃত শিৱসেনা মানে এতিয়াৰ পৰা শিণ্ডে গোটক বুলি আয়োগে কয়।

আয়োগৰ এই সিদ্ধান্তক লৈ উদ্ধৱ থাকৰে অসন্তুষ্টি প্ৰকাশ কৰে। সূত্ৰ অনুসৰি তেওঁ এই বিষয়ত উচ্চতম ন্যায়ালয়লৈ যোৱাৰ প্ৰস্তুতি আৰম্ভ কৰিছে।

কিন্তু উদ্ধৱ গোটে আদালতৰ কাষ চাপি অহাৰ পূৰ্বেই উচ্চতম ন্যায়ালয়ত শিণ্ডে গোটে সতৰ্কবাণী দাখিল কৰে। শিৱসেনাৰ উত্তৰাধিকাৰ সন্দৰ্ভত ৰায়দান কৰাৰ পূৰ্বেও তেওঁলোকৰ মাত শুনা উচিত। আদালতত আবেদন জনায়।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *