আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫ হাজাৰ ৰান সম্পূৰ্ণ কৰা দ্ৰুততম ক্ৰিকেটাৰৰ অভিলেখ বিৰাট কোহলীৰ…

ভাৰতীয় বেটছমেন বিৰাট কোহলীয়ে নিজৰ কেৰিয়াৰৰ আন এক ঐতিহাসিক মাইলৰ খুঁটি স্থাপন কৰি আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ২৫ হাজাৰ ৰান সংগ্ৰহ কৰা আটাইতকৈ দ্ৰুত বেটছমেন হিচাপে পৰিগণিত হয়।

নতুন দিল্লীত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টৰ তৃতীয় দিনত তেওঁ এই অভিলেখ গঢ়িবলৈ সক্ষম হয়।

এই প্ৰক্ৰিয়াত কোহলীয়ে ৫৭৭খন মেচত এই লেণ্ডমাৰ্কত উপনীত হোৱা মাষ্টাৰ ব্লাষ্টাৰ শচীন টেণ্ডুলকাৰকো অতিক্ৰম কৰে।

আনহাতে বিৰাটে ৫৪৯খন মেচত এই অভিলেখ স্পৰ্শ কৰে। বিৰাট আৰু শচীনৰ পিছতে আছে ৰিকি পণ্টিং (৫৮৮), জেক কালিছ (৫৯৪), কুমাৰ ছাংগাকাৰা (৬০৮) আৰু মহেলা জয়ৱৰ্ধনে (৭০১)।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *