পৰ্বতঝোৰাত ভয়ংকৰ পথ দুৰ্ঘটনা

পৰ্বতঝোৰাৰ বগৰিবাৰী মহামায়াত ডাম্পাৰ আৰু টোটোৰ মূখামখী সংঘৰ্ষৰ ফলত টোটো চালক থিতাতে নিহত: তীব্ৰ শোকৰ ছাঁ।শেহতীয়াকৈ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত ডাম্পাৰৰ অতপালিত সাধাৰণ পথচাৰী অতিষ্ঠ হৈ থকাৰ সময়তে আজি ৰাতিপুৱা আনুমানিক ৯-৩০ টা মান বজাত বিটিআৰ কোকৰাঝাৰ জিলাৰ বগৰিবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মহামায়া বাছ আস্থানত তীব্ৰ বেগী ডাম্পাৰ আৰু ৰখী থকা টটোৰ মাজত মুখামুখী সংঘৰ্ষৰ ফলত টটো চালক থিতাতে নিহিত হোৱা বুলি জানিব পৰা গৈছে।উল্লেখ্যযে নিহত যুৱক জন মহামায়া ৰাজাপাৰা ২য় খণ্ড গাঁৱৰ ময়নাল হকৰ ২য় পুত্ৰ সাহিনুৰ ইছলাম(২৯) বছৰ বুলি এক সূত্ৰে প্ৰকাশ।ডাম্পাৰ খনৰ নম্বৰ হৈছে BP-2-B0477।দুৰ্ঘটনাৰ খবৰ পাই বগৰীবাৰী আৰক্ষীয়ে উপস্থিত হৈ নিহত যুৱক জনক মৰণোত্তৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰ জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা বুলি জানিব পৰা গৈছে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *