দেওবাৰে নাজিৰাত সংঘটিত হোৱা মৰেল পুলিচিং গোচৰৰ সৈতে জড়িত ১৪জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে।
আটকাধীন লোক কেইজন হ’ল দিপক কুৰ্মী, মুন্না কোৱৰ, শিৱশংকৰ কোৱৰ, নিতেশ বাউৰী, জিতেন ৰবি দাস, পুনেশ্বৰ কুৰ্মী, শংকৰ কোৱৰ, ৰমেশ তাঁতী, মণি ৰবি দাস, অজয় সিং ৰাজপুত, উমা চাউৰা, বসন্তী কুৰ্মী, আশা গৌড় আৰু দীপালী মুণ্ডা।
সোমবাৰে গ্ৰেপ্তাৰ কৰা সকলোকে জেললৈ প্ৰেৰণ কৰা হ’ব।
নাজু আলী নামৰ এজন ব্যক্তিয়ে নাজিৰাত গৰু চোৰ কৰাৰ সন্দেহ কৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগত নিৰ্মমভাৱে মৰিয়াই হত্যা কৰিছিল একাংশ লোকে।
দেওবাৰে নাজিৰাৰ বামুন পুখুৰী চাহ বাগিচাৰ পৰা এই ঘটনাৰ খবৰ পোৱা গৈছে।
পৰিয়ালৰ লোকক ঘটনা সন্দৰ্ভত অৱগত কৰাৰ পিছতে তেওঁক সংকটজনক অৱস্থাত শিৱসাগৰৰ এখন অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়। অৱশ্যে চিকিৎসালয়তে আঘাতপ্ৰাপ্ত হৈ মৃত্যুক সাৱটি লয়।
কালি এই গোচৰ সন্দৰ্ভত ১১ জন ব্যক্তিক আটক কৰা হয়।