দুলীয়াজানত পথ নিৰ্মাণ ব্যাপক অনিয়ম সংঘটিত হৈছে । দুলীয়াজানৰ বৰকোলাৰ পৰা নাওশলীয়া সংযোগী পথটো নিৰ্মাণৰ বাবে স্থানীয় ৰাইজৰ লগতে দল-সংগঠনে বাৰম্বাৰ আবেদন-নিবেদন জনাই অহাৰ লগতে অইল কৰ্তৃপক্ষৰ বিৰুদ্ধে আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰি আহিছিল । শেহতীয়াকৈ অইল কৰ্তৃপক্ষই পথটো নিৰ্মাণৰ বাবে উদ্যোগ প্ৰতিষ্ঠানটোৰ সামাজিক দায়বদ্ধ আঁচনিৰ অধীনত ৭০ লাখ টকা আৱণ্টন দিছিল । কিন্তু ঠিকাদাৰে পথ নিৰ্মাণত নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাত পথটো নিৰ্মাণত অনিয়ম সংঘটিত হোৱাৰ লগতে অইলৰ বিষয়াক মেনেজ কৰি ঠিকাদাৰে সিংহভাগ ধনেই হৰলুকি কৰাৰ অভিযোগ আছুৰ । এইক্ষেত্ৰত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ।
