ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক দিনত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ সৰ্বস্তৰৰ ৰাইজৰ মাজত ব্যাপক পথ-সুৰক্ষা সজাগতা সৃষ্টিৰ বাবে বিভাগক দিয়া নিৰ্দেশনাৰ ভিত্তিত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ উদ্যোগত তিনি গৰাকীকৈ পৰিবহণ বিষয়াৰ উপস্থিতিত শনিবাৰে মহানগৰীৰ গণেশগুৰি অঞ্চলত ব্যাপক জনসচেতনতা কাৰ্যসূচী পালন কৰা হয় ৷ কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ আহ্বানত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাবধানত অনুষ্ঠিত জনসচেতনতা অভিযানত পৰিবহণ বিভাগ, জিলা প্ৰশাসন, স্বাস্থ্য, আৰক্ষী, লোকনিৰ্মাণ, ক্ৰীড়া, আৱকাৰী, ৰেডক্ৰছ ছচাইটি, আদি পথসুৰক্ষাৰ লগত জড়িত বিভাগসমূহৰ উপৰি ৰাজ্যখনৰ ভালেকেইগৰাকী নেতৃস্থানীয় শিল্পী-সাহিত্যিক, ক্ৰীড়াবিদ একাকাৰ হৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দুৰ্ঘটনামুক্ত অসমৰ সপোন বাস্তৱায়িত কৰাৰ বাবে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ মাজলৈ পথসুৰক্ষা-সজাগতাৰ বাণীসমূহ আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা চলোৱাৰ পণ লয়। গণেশগুৰিৰ কৰ ভৱনৰ সন্মুখত ৰাতিপুৱা ৯ বজাৰ পৰা ব্যাপক সংখ্যক পথচাৰী, যানবাহন ব্যৱহাৰকাৰী আৰু নতুন প্ৰজন্মৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত জনসচেতনতা অভিযানত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে আদৰণি ভাষণ দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আগন্তুক দিনবিলাকত অসমক এখন দুৰ্ঘটনামুক্ত ৰাজ্য হিচাপে গঢ়ি তোলাৰ বাবে জনোৱা আহ্বানলৈ সকলোৰে স্বতঃস্ফূৰ্ত সহযোগিতা বিচাৰি “উৎসৱৰ আনন্দ ফুলেৰে উদযাপন কৰক, সুৰাপানেৰে নহয়” বুলি গুৰুত্বপূৰ্ণ আহ্বান জনায়। নৱবৰ্ষ উদযাপনকে ধৰি আগন্তুক দিনৰ বিভিন্ন উৎসৱৰ আনন্দ উপভোগৰ নামত কোনোৱে যাতে অত্যাধিক মদ্যপান কৰি আৰু দ্ৰুতগতিত যানবাহন চলায় নিজৰ লগতে আনকো বিপদত পেলাই অনাকাংক্ষিত দুৰ্যোগ-দুৰ্ঘটনা মাতি নানে তাৰ বাবে সতৰ্ক কৰি দিয়ে। জনসচেতনতা অনুষ্ঠানৰ মাজতে তেওঁ পথেৰে চলাচল কৰা বিভিন্ন বাহনত উঠি চালকৰ হাতে হাতে পথ-সুৰক্ষা বাণীসম্বলিত পুস্তিকা তুলি দি সুৰাপান কৰি বাহন নচলাবৰ বাবে অনুৰোধ জনোৱাৰ উপৰি যাত্ৰীসকলক যাতায়াতৰ সময়ত চালকৰ আচৰনৰ প্ৰতি সকলো সময়তে দৃষ্টি ৰাখিবলৈ কয়। অসম চৰকাৰৰ প্ৰাক্তন আয়ুক্ত সচিব তথা বিশিষ্ট লেখক থানেশ্বৰ মালাকাৰে দুচকীয়া বাহনৰ চালক আৰোহী উভয়ক হেলমেট, চাৰিচকীয়া বাহনত ছীটবেল্ট পৰিধান কৰিবলৈ, বাহন চলাওঁতে ম’বাইল ফোন ব্যৱহাৰ নকৰিবলৈ সমবেত সকলোৰে প্ৰতি আহ্বান জনায়। অনুষ্ঠানত আন্তৰ্জাতিক খ্যাতিসম্পন্ন শিল্পী মনোজ বৰুৱাই ভায়লিনত বিশ্ববিশ্ৰুত শিল্পী ড° ভূপেন হাজৰিকাৰ “মানুহে মানুহৰ বাবে যদিহে অকণো নাভাবে ..” শীৰ্ষক গীতত সুৰ তুলি প্ৰত্যককে নিজৰ দৰে আনকো মানুহ হিচাপে গণ্য কৰি সকলোৰে বাবে সুৰক্ষিত যাতায়ত বাহাল ৰাখিব পৰাকৈ সাৱধানতা অৱলম্বনৰ আহ্বান জনায়। প্ৰাক্তন আৰক্ষী বিষয়া, বিশিষ্ট লেখক প্ৰফুল্ল বৰ্মনে নিজে লিখি উলিওৱা “পথ-দুৰ্ঘটনা গোচৰৰ তদন্ত” শীৰ্ষক গ্ৰন্থখন জনসচেতনতা অনুষ্ঠানত সমবেতসকলৰ হাতে হাতে তুলি দি সজাগতামূলক বক্তব্য আগবঢ়ায়।
প্ৰশাসনিক বিষয়া শান্তনু গগৈ, আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, বিশিষ্ট ঢোলবাদক ৰঞ্জিত গগৈ, মানৱ অধিকাৰ কৰ্মী, দুৰ্নীতি নিবাৰক সন্থাৰ সদস্য নিলোৎপল হাজৰিকা, বিশিষ্ট ক্ৰীড়া সংগঠক বিষ্ণু নুনিচা, লোকনিৰ্মাণ বিভাগৰ বিষয়া দিগন্ত কলিতা , যানবাহন পৰিদৰ্শক কানাই মহন্ত, জয়সিং ৰংফাৰ আদি উপস্থিত থাকি আগন্তুক দিনত পথ-সুৰক্ষা সজাগতাক এক ব্ৰত হিচাপে লৈ সকলোৱে হাতে-কামে, মনেপ্ৰাণে লাগিলে পথ-দুৰ্ঘটনা ৰোধ কৰি ৰাজ্যৰ ৰাজপথত সকলো সময়তে সকলোৰে বাবে সুৰক্ষিত যাতায়ত ব্যৱস্থা গঢ়ি তুলিব পৰা যাব বুলি মন্তব্য কৰি এইক্ষেত্ৰত সকলোৰে আন্তৰিক সহযোগিতা আৰু দায়বদ্ধতা কামনা কৰে। ইফালে চন্দ্ৰ শেখৰ দাসৰ ৰচনা-পৰিচালনাত পথসুৰক্ষা বিষয়ক বাটৰ নাট পৰিবেশন কৰি “নেডফিমচ”ৰ শিল্পীসকলে যানবাহন চলাওঁতে মানি চলিবলগীয়া নীতি নিয়ম সন্দৰ্ভত সমবেতসকলক সজাগ কৰাৰ প্ৰয়াস কৰে ৷
গণেশগুৰি অঞ্চলত ব্যাপক পথ-সুৰক্ষা জনসচেতনতা অনুষ্ঠান পৰিবহণ বিভাগৰ
