বিপুল উৎসাহ-উদ্দীপনাৰে গুৱাহাটীত আৰম্ভ হ’ল অসম গ্ৰন্থমেলা

চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠান খেলপথাৰত এলানি বৰ্ণিল কাৰ্যসূচীৰে অসম প্ৰকাশন পৰিষদ, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ যৌথ উদ্যোগত আয়োজন কৰা এই গ্ৰন্থমেলা কালি বিয়লি ৪ বজাত বন্তি প্ৰজ্বলিত কৰি উদ্বোধন কৰে আন্তৰ্জাতিক খ্যাতি সম্পন্ন ইণ্ডোনেছিয়াৰ পৰিৱেশ্য-কাব্য শিল্পী তাৰা নোইচান্তাৰাই ৷ উদ্বোধনী ভাষণ প্ৰসংগত তেওঁ কয়–“গ্ৰন্থোৎসৱৰ এই বিশাল আয়োজন অতুলনীয় ৷ গ্ৰন্থমেলা জ্ঞান চৰ্চা আৰু প্ৰজ্ঞা সাধনাৰ মহৎ উৎসৱ ৷ অসম প্ৰকাশন পৰিষদে গ্ৰন্থমেলাৰ জৰিয়তে অসমৰ বৌদ্ধিক পৰিৱেশ সুন্দৰ কৰিছে ৷ কিতাপে সীমাৰ পৰিধি ভাঙি মানুহৰ চিন্তাক একত্ৰিত কৰে ৷চিন্তাৰ স্বাধীনতা থকা উদাৰ আৰু আস্থাৰ পৃথিৱীৰ সন্ধান দিয়ে কিতাপে ৷” তেওঁ অসমৰ প্ৰকৃতি অতি শুশোভন বুলি উল্লেখ কৰি মানুহৰ অতিথিপৰায়ণতাই মুগ্ধ কৰা বুলি কয় ৷অসম গ্ৰন্থমেলা, গুৱাহাটীৰ উদ্বোধনী সভাত সন্মানীয় অতিথিৰ আসন শুৱনি কৰে অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই ৷ ভাষণত তেওঁ কয়—“ অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই গুৱাহাটীৰ লগতে বিভিন্ন জিলাত অসম গ্ৰন্থমেলা অনুষ্ঠিত কৰি গ্ৰন্থ আন্দোলন তৰান্বিত কৰাৰ লগতে ৰাজ্যখনৰ বৌদ্ধিক পৰিৱেশ চহকী কৰিছে ৷ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৰ নেতৃত্বতে এয়া সম্ভৱ হৈ উঠিছে ৷ উপাধ্যক্ষ সুমন্ত চলিহা আৰু সচিব প্ৰমোদ কলিতাৰ নেতৃত্বত অসম প্ৰকাশন পৰিষদে নতুন গতি লাভ কৰিছে ৷” গ্ৰন্থ কেতিয়াও নিঃশেষ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে শ্ৰুতি আৰু স্মৃতিয়ে ভাৰতীয় সভ্যতাক নিৰ্মাণ কৰিছে ৷ শ্ৰুতি-স্মৃতি গ্ৰন্থৰো আধাৰ ৷ মানুহে জ্ঞানৰ মাজেৰে আন্ধাৰৰ পৰা পোহৰলৈ গতি কৰে ৷ অসত্যৰ পৰা সত্যলৈ গতি কৰে ৷ জ্ঞানকেন্দ্ৰিক অমৰত্ব প্ৰাপ্তি হয় গ্ৰন্থৰ মাজেৰে ৷ গ্ৰন্থ জ্ঞান-প্ৰজ্ঞা সাধনাৰ মুল ভেটি ৷ ড° মহন্তই লগতে কয়—“ভাৰতীয় শিক্ষা ব্যৱস্থাই নৰৰ পৰা নৰোত্তম হোৱাৰ দীক্ষা দিয়ে ৷ এই দৰ্শনে স্তৰে স্তৰে আমাৰ সমাজ গঢ়িছে ৷ সভ্যতাক গতি প্ৰদান কৰিছে ৷ অসমো ইয়াৰ ব্যতিক্ৰম নহয়৷ মহাপুৰুষ শংকৰদেৱৰ সময়ৰ পৰাই সাহিত্য-আন্দোলনে অসমীয়া ভাষা-সংস্কৃতিক ঢাপে ঢাপে গঢ়ি তুলিছে ৷ অৰুনোদইৰ যুগৰ পৰা আধুনিক কালতো অসমীয়া ভাষা অপূৰ্ব সাহিত্যকৃতিৰে সমৃদ্ধ হৈছে ৷ গ্ৰন্থমেলাও সমাজ গঢ়াৰ এক আন্দোলন ৷ এইক্ষেত্ৰত অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাই আশাৰ পোহৰ দেখুৱাইছে ৷” সভাখনত বিশিষ্ট অতিথিৰূপে অংশগ্ৰহণ কৰে বিশিষ্ট লেখক, সমালোচক-সাহিত্যিক ড° গোৱিন্দ প্ৰসাদ শৰ্মাই ৷তেওঁ কয়–“কিতাপ নপঢ়া জাতি থিয় হৈ থাকিব নোৱাৰে ৷ প্ৰমাণ হৈছে যে অসমৰ মানুহে কিতাপ পঢ়ে ৷ সেয়েহে অসমীয়া ভাষা-সাহিত্যৰ প্ৰতি শংকা প্ৰকাশ কৰিবলগীয়া নাই ৷” তেওঁ ভাষণত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি কয় যে মুখ্যমন্ত্ৰীৰ সক্ৰিয় ভূমিকাৰ বাবেই অসমৰ জিলা পৰ্যায়ত প্ৰকাশন পৰিষদে গ্ৰন্থমেলা অনুষ্ঠিত কৰাটো আশাৰ বতৰা ৷ গ্ৰন্থক এনেদৰে মানুহৰ মাজলৈ লৈ যোৱাটো এটা নতুন দৃষ্টান্ত ৷ এই পদক্ষেপে অসমীয়া মনুহৰ কিতাপ পঢ়াৰ অভ্যাস সুদৃঢ় কৰিছে ৷ এয়া শুভ লক্ষণ ৷ কাৰণ গ্ৰন্থই সভ্যতা-সমাজ নিৰ্মাণ কৰে ৷”
এই অনুষ্ঠানতে উন্মোচিত হয় অসম প্ৰকাশন পৰিষদে এইবেলি প্ৰকাশ কৰা ৩৮খন নতুন গ্ৰন্থৰ ভিতৰৰ ১৫খন গ্ৰন্থ ৷ প্ৰকাশিত নতুন গ্ৰন্থসমূহৰ ভিতৰত আছে “বীৰ সাৱৰকাৰ” (মূল ইংৰাজী লেখকদ্বয়ঃ উদয় মাহুৰকৰ, চিৰায়ু পণ্ডিত, অনুবাদঃ ৰঞ্জিত হাজৰিকা), “নৱকান্ত বৰুৱা ৰচনাৱলী” ২য় আৰু ৩য় খণ্ড (সম্পাদনাঃ ড° প্ৰাণ্‌জিৎ বৰা), “বাঘছাল পিন্ধা বীৰ” (মূলঃ জৰ্জিয়াৰ অমৰ কবি ছোটা ৰুস্তাভেলীৰ , অসমীয়া অনুবাদঃ গোলোক চন্দ্ৰ দত্ত), “হেড়ম্বৰাজ্যেৰ দণ্ডবিধি” (ড° অমলেন্দু ভট্টাচাৰ্য), “বিশ্ব মনীষা” (ড° গোৱিন্দ প্ৰসাদ শৰ্মা), “ভাৰতীয় জ্ঞানকোষ”-১ম খণ্ড,২য় খণ্ড,“(অনুবাদঃ ড° থানেশ্বৰ শৰ্মা), ড° লক্ষ্মীনন্দন বৰা ৰচনাৱলী”(সম্পাদনাঃ সুমন্ত চলিহা), “আনন্দচন্দ্ৰ বৰুৱা ৰচনাৱলী”-১ম খণ্ড (সম্পাদনাঃ সুমন্ত চলিহা) আদি ৷ উল্লেখ্য যে পৰিষদে এইবেলি ৩৮খন নতুন আৰু ৫২খন গ্ৰন্থৰ পুণৰ মুদ্ৰণেৰে মুঠ ৯০খন গুৰুত্বপূৰ্ণ কিতাপ প্ৰকাশ কৰি উলিয়াইছে ৷
আজিৰ উদ্বোধনী সভাখনত অংশগ্ৰহণ কৰে অসম প্ৰকাশন পৰিষদৰ উপাধ্যক্ষ সুমন্ত চলিহা, সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সভাপতি নগেন শৰ্মা, প্ৰাক্তন সভাপতি ইমৰাণ আহমদে ৷ বিশিষ্ট শিল্পী মনোজ বৰুৱা আৰু ড° পূৰৱী শৰ্মাৰ পৰিচালনাত “গুৱাহাটী স্কুল অৱ মিউজিক”ৰ ছাত্ৰ-ছাত্ৰীৰ বেহেলাত সংগীতৰ মূৰ্ছনা পৰিৱেশনেৰে শুভাৰম্ভ কৰা উদ্বোধনী সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই ৷ অনুষ্ঠানটিৰ আঁত ধৰে প্ৰবোধ দাসে ৷শলাগৰ শৰাই আগবঢ়ায় ইমৰাণ আহমদে ৷ গ্ৰন্থমেলাৰ উদ্বোধক, সন্মানীয় আৰু বিশিষ্ট অতিথিবৰ্গক ফুলাম গামোছা আৰু কিতাপৰ টোপোলাৰে আদৰণি জনোৱা হয় ৷

ড° প্ৰণৱজ্যোতি ডেকাক অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২২ প্ৰদান

গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানৰে সংগতি ৰাখি আজি বিশিষ্ট কথা-শিল্পী ড° প্ৰণৱজ্যোতি ডেকাক প্ৰদান কৰা হয় অসম প্ৰকাশন পৰিষদ সাহিত্য বঁটা-২২ ৷ অসম চৰকাৰৰ শিক্ষা উপদেষ্টা ড° ননী গোপাল মহন্তই তেওঁৰ হাতত এই বঁটা তুলি দিয়ে ৷ এই বঁটাত আছে ৫ লাখ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা ৷ একেখন সভাতে “ড° প্ৰণৱজ্যোতি ডেকাৰ শ্ৰেষ্ঠ গল্প” শীৰ্ষক গ্ৰন্থখন প্ৰকাশৰ বাবে অসম প্ৰকাশন পৰিষদ সাহিত্য(প্ৰকাশক) বঁটা প্ৰদান কৰা হয় “বান্ধৱ” প্ৰকাশৰ স্বত্বাধিকাৰ ৰঞ্জন শৰ্মাক ৷ এই বঁটাত আছে ৩ লাখ টকা, প্ৰশস্তি পত্ৰ, অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলা ৷ ইপিনেআজি প্ৰথমদিনা অসম গ্ৰন্থমেলা, গুৱাহাটীৰ অস্থায়ী প্ৰেক্ষাগৃহত সাংস্কৃতিক সন্ধিয়াৰ মনোমুগ্ধকৰ কাৰ্যূসূচী পৰিৱেশন কৰে আন্তৰ্জাতিক খ্যাতি সম্পন্ন ইণ্ডোনেছিয়াৰ পৰিৱেশ্য-কাব্য শিল্পী তৰা নোইচন্তাৰাই ৷ তদুপৰি কেবাখনো শিক্ষানুষ্ঠানৰ ছাত-ছাত্ৰীৰ মাজত অনুষ্ঠিত বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *