বিজনীৰ বিষ্ণুপুৰত তৃণমূল কংগ্ৰেছৰ বেনাৰ ছিঙি জ্বলাই দিয়াক লৈ তীব্ৰ প্ৰতিক্ৰিয়া।
বিজনীৰ উত্তৰাঞ্চলত বিষ্ণুপুৰ বজাৰৰ চৌদিশে ৰবিবাৰে তৃণমূল কংগ্ৰেছৰ সভাপতি অৰ্নিবান সেনৰ নেতৃত্বত গছে-গছে, কাৰেণ্টৰ খুটিত তৃণমূল কংগ্ৰেছৰ বেনাৰ লগাইছিল।
কিন্তু সেই বেনাৰ সমূহ ২৪ ঘণ্টা নহয়তেই মাজনিশা কোনোৱা দুৰ্ষ্কৃতিকাৰীৱে বেনাৰ সমূহ একগোট কৰি বিষ্ণুপুৰ বাসৱস্থানৰ সমীপত পেট্ৰল বা কেৰাচিন তেল দি জ্বলাই দিয়ে।এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিছে চিৰাং জিলা তৃণমূল কংগ্ৰেছৰ সভাপতি অনিৰ্বান সেনে।

