দিল্লী সাম্প্ৰদায়িক সংঘৰ্ষ গোচৰৰ অভিযুক্ত উমৰ খালিদক কাৰাগাৰৰ পৰা মুকলি কৰি দিয়া হৈছে। কাৰাগাৰ কৰ্তৃপক্ষই এই তথ্য প্ৰকাশ কৰিছে। উমৰ খালিদে দিল্লীৰ কাৰকাৰডুমা আদালতৰ অন্তৱৰ্তীকালীন জামিন লাভ কৰিছিল। যাৰ পিছত তেওঁক এতিয়া মুকলি কৰি দিয়া হৈছে। খালিদে তেওঁৰ ভগ্নীৰ বিয়াত উপস্থিত থাকিবলৈ এই সকাহ পাইছে। অৱশ্যে, এসপ্তাহৰ পিছত, উমৰ খালিদে পুনৰ আত্মসমৰ্পণ কৰিব লাগিব। যোৱা কেইবামাহ ধৰি কাৰাগাৰত থকা উমৰ খালিদে তেওঁৰ ভগ্নীক বিবাহৰ বাবে মুকলি কৰাৰ বাবে আদালতত আপীল কৰিছিল। যাৰ পিছত আদালতে তেওঁক সকাহ দিছিল আৰু ২৩ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ তেওঁক অন্তৱৰ্তীকালীন জামিন দিয়াৰ সিদ্ধান্ত লৈছিল।
আদালতে কেইবাটাও চৰ্তৰ সৈতে অন্তৱৰ্তীকালীন জামিন মঞ্জুৰ কৰিছিল।
খালিদক কোৱা হৈছে যে তেওঁ এই সময়ছোৱাত কোনো মিডিয়া চেনেলক সাক্ষাৎকাৰ দিব নোৱাৰে। তেওঁ কোনো ধৰণে সংবাদ মাধ্যমৰ সৈতে বাৰ্তালাপ কৰিব নোৱাৰে। ইয়াৰ উপৰিও, উমৰ খালিদকো তদন্তকাৰী বিষয়াৰ সৈতে নিৰন্তৰ যোগাযোগ ৰাখিবলৈ কোৱা হৈছে। এই চৰ্তবোৰ উলংঘা কৰাৰ ক্ষেত্ৰত, অন্তৱৰ্তীকালীন জামিন তৎক্ষণাৎ বাতিল কৰা হ’ব বুলি কোৱা হৈছে। উল্লেখ্য যে ২০২০ চনৰ ফেব্ৰুৱাৰীত ‘কা’ বিৰোধী আন্দোলনৰ সময়ত ৰাজধানী দিল্লীত হিংসাত্মক ঘটনা সংঘটিত হৈছিল, যি এদিন পিছত সাম্প্ৰদায়িক সংঘৰ্ষৰ ৰূপ লৈছিল। এই সংঘৰ্ষত ৫০ জনৰো অধিক লোক নিহত হৈছিল আৰু শ শ লোক আহত হৈছিল। সংঘৰ্ষৰ পিছত, গোচৰটোৰ তদন্ত আৰম্ভ হয় আৰু ইয়াৰ বাবে বহুলোকক গ্ৰেপ্তাৰ কৰা হয়। য’ত উমৰ খালিদৰ নামও অন্তৰ্ভুক্ত কৰা হৈছিল। উমৰ খালিদৰ বিৰুদ্ধে সংঘৰ্ষৰ ষড়যন্ত্ৰ ৰচনা কৰাৰ অভিযোগ আছে। যাৰ বাবে তেওঁ যোৱা কেইবামাহ ধৰি কাৰাগাৰত আছে। এই ক্ষেত্ৰত উমৰ খালিদৰ জামিনৰ আবেদন কেইবাবাৰো নাকচ কৰা হৈছে। দিল্লী আৰক্ষীয়ে উচ্চ ন্যায়ালয়ত খালিদৰ জামিনৰ বিৰোধিতা কৰিছিল। আৰক্ষীয়ে উচ্চ ন্যায়ালয়ক জামিনৰ আবেদন বিবেচনা নকৰিবলৈ কৈছিল।
দিল্লী সাম্প্ৰদায়িক হিংসাৰ অভিযুক্ত উমৰ খালিদ কাৰাগাৰৰ পৰা মুকলি
