মহানগৰীৰ ধীৰেনপাৰাস্হিত স্বেচ্ছাসেৱী সংস্হা ’জনসেৱা’ৰ উদ্যোগত আৰু এন এছ প্ৰকাশনৰ সহযোগত ১১ ডিচেম্বৰত নৱ জাগৰণ সংঘৰ প্ৰাংগনত বিশিষ্ট লেখক,নাট্যকাৰ,পৰিচালক,অভিনেত ধীৰেন ভট্টাচাৰ্যৰ গল্প সংকলন ’লাঠী’ আৰু সামাজিক নাট ’অসমাপ্ত আধাৰশিলা’ গ্ৰন্হ দুখন উন্মোচন কৰা হয়৷জনসেৱাৰ সভাপতি কুমুদ শৰ্মাই আঁত ধৰা সভাত সভাপতিত্ব কৰে পূব কামৰূপ মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড° কমল শৰ্মাই৷জনসেৱাৰ সম্পাদক নুৰুল হক আহমেদে উদ্দেশ্য ব্যাখ্যা কৰা সভাত লেখক ধীৰেন ভট্টাচাৰ্যই গ্ৰন্হ দুখনৰ লগতে নিজৰ অনুভৱ ব্যক্ত কৰে৷সভাত গল্প সংকলন ’লাঠী’ উন্মোচক আৰ্যবিদ্যাপীঠ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক সুশীল চন্দ্ৰ বৰঠাকুৰ আৰু ’অসমাপ্ত আধাৰশিলা’ উন্মোচক অৱসৰপ্ৰাপ্ত উপ সচিব ফণীন্দ্ৰ নাথ চক্ৰৱৰ্তীয়ে গ্ৰন্হ দুখনৰ সন্দৰ্ভত সুন্দৰ ভাষণ দিয়ে৷সভাত সমাজুৱাৰ ফালৰ পৰা বিশিষ্ট সমাজকৰ্মী কামাখ্যা দাস,শশীন্দ্ৰ ভট্টাচাৰ্য,ৰমেশ চন্দ্ৰ শৰ্মা,সুমেৰ সিং গৌড়,মদন মোহন তালুকদাৰ,আকবৰ আলী আহমেদ,সঞ্জীৱ দেৱ চৌধুৰীয়ে ভাষণ দিয়ে৷সভাত বৰ্ণালী কলিতা,বৈশালী কাশ্যপে গীত আৰু গকুল বৰুৱাই কবিতা আবৃত্তি পৰিৱেশন কৰি উপস্হিত ৰাইজক আমোদ দিয়ে৷
’জনসেৱা’ৰ উদ্যোগত গল্পসংকলন ’লাঠী’ আৰু ’অসমাপ্ত আধাৰশিলা’ গ্ৰন্হ উন্মোচন
