শিৱসাগৰ সম্প্ৰতি সুন্দৰ নিদৰ্শন:হিন্দু ধৰ্মাৱলম্বী লোকৰ নামঘৰ প্ৰতিষ্ঠাৰ বাবে আগবঢ়ালে ভূমি এজন মুছলমান ব্যক্তিয়ে

শিৱসাগৰ সম্প্ৰতি সুন্দৰ নিদৰ্শন:হিন্দু ধৰ্মাৱলম্বী লোকৰ নামঘৰ প্ৰতিষ্ঠাৰ বাবে আগবঢ়ালে ভূমি এজন মুছলমান ব্যক্তিয়ে


শিৱসাগৰ মেটেকাৰ নিবাসী এটি মুছলমান পৰিয়ালে দেখুওৱালে সম্প্ৰীতিৰ নিদৰ্শন।


খলিলুৰ ৰহমান হাজৰিকাই শিৱসাগৰ মেটেকা সেউজনগৰত হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ নামঘৰ প্ৰতিষ্ঠাৰ বাবে আগবঢ়ালে ভূমি।

শিৱসাগৰ প্ৰেছ ক্লাবৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক খলিলুৰ ৰহমান হাজৰিকাই নামঘৰ নিৰ্মাণৰ বাবে ভূমি প্ৰদান কৰাত সন্তোষ প্ৰকাশ কৰিছে মেটেকা সেউজনগৰৰ ৰাইজে।

শংকৰ আজানৰ দেশত এয়া সম্প্ৰীতি আৰু একতাৰ উৎকৃষ্ট উদাহৰণ , ই সকলোৰে বাবে আদৰ্শস্বৰূপ হৈ ৰব বুলি মন্তব্য কৰিছে ৰাইজে ।

শিৱসাগৰত হিন্দু মুছলমান হিচাপে ধৰ্মৰ ভেদাভেদ আগতেও নাছিল, বৰ্তমানেও নাই আগলৈয়ো নাথাকিব বুলি সদৰি কৰে ভূমি দাতা খলিলুৰ ৰহমান হাজৰিকাই ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *