মুকলি হ’ব কেঞ্চাৰ বায়’লজীত স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰম

আজি, বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউটৰ প্ৰেক্ষাগৃহত আয়োজিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বি বৰুৱা কেঞ্চাৰ ইন্সটিটিউট আৰু
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ মাজত এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয় । এই চুক্তিত প্ৰতিষ্ঠানটোৰহৈ সঞ্চালক ড° অমল চন্দ্ৰ কটকী আৰু বিশ্ববিদ্যালয়খনৰহৈ উপ পঞ্জীয়ক (প্ৰশাসনিক) ড° শেখৰকান্তি সৰকাৰে স্বাক্ষৰ কৰে ৷ চুক্তি স্বাক্ষৰিত হোৱাৰ সময়ত কেঞ্চাৰ প্ৰতিষ্ঠানটোৰ উপ সঞ্চালক (শৈক্ষিক), উপ সঞ্চালক (প্ৰশাসনিক), জেষ্ঠ্য বিষয়া-অধ্যাপকৰ লগতে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য অধ্যাপক মৃদুল হাজৰিকা, আইন বিভাগৰ মুৰব্বী ড° বিমল বৈশ্য, সামাজিক কৰ্ম বিভাগৰ মুৰব্বী ড° দীপশিখা কাৰ্পেন্টাৰ, সহকাৰী জনসংযোগ বিষয়া গৌৰী প্ৰসাদ শৰ্মা উপস্থিত থাকে ৷ প্ৰতিষ্ঠানটোৰ চিকিৎসক ডা° ৰূপম ডেকাই আঁতধৰা অনুষ্ঠানত বক্তব্য ৰাখি বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ সঞ্চালক ড° অমল চন্দ্ৰ কটকীয়ে কয়, “প্ৰতিষ্ঠানটোৰ বাবে আজিৰ দিনটো এক বিশেষ দিন ৷ কেঞ্চাৰ বায়’লজী বিষয়টোৰ শৈক্ষিক তথা গৱেষণাক্ষেত্ৰৰ আলোচনাই শিক্ষাৰ্থীসমাজৰ লগতে সমাজখনকো উপকৃত কৰিব লগতে ই নিৱনুৱা সমস্যাও নাইকিয়া কৰিব ৷ অনুষ্ঠানত অংশলৈ অধ্যাপক মৃদুল হাজৰিকাই বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানখনৰ ৫০ বছৰীয়া যাত্ৰাৰ বাবে শুভকামনা জনোৱাৰ লগতে, ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে আগবঢ়োৱা নতুন দিশ সমূহৰ বিষয়ে উল্লেখ কৰে ৷ লগতে তেওঁ আৰু কয়, দুয়োটা অনুষ্ঠানৰ প্ৰচেষ্টাত কেঞ্চাৰ বায়’লজিত বিশ্ববিদ্যালয়খনে আগন্তুক বৰ্ষৰে পৰা স্নাতকোত্তৰ আৰু পি এইচ ডি পাঠ্যক্ৰম শুভাৰম্ভ কৰিব ৷

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *