মণিপাল একাডেমী অফ হায়াৰ এডুকেশ্বনৰ ৩০ তম সমাৱৰ্তন

মণিপাল একাডেমী অফ হায়াৰ এডুকেশ্বনৰ (এমএএইচই) ৩০ তম সমাৱৰ্তন দিৱস ২০ নৱেম্বৰত সমাপ্ত হয়। তিনিদিন ধৰি চলা সমাৱৰ্তনত বিশিষ্ট নেতা আৰু এম.এ.এইচ.ই-ৰ আমন্ত্ৰিত অতিথিসকলে যোগদান কৰি স্নাতকসকলক কেৰিয়াৰৰ সফলতা কামনা কৰে।

অন্তিম দিনটোৰ মুখ্য অতিথিৰূপে উপস্থিত আছিল মুম্বাইৰ এক্সিছ বেংকৰ পৰিচালনা সঞ্চালক আৰু মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী অমিতাভ চৌধুৰী৷ সমাৱৰ্তন ভাষণৰ পিছত ডিগ্ৰী প্ৰদান আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত হয়৷ ইয়াত সোণৰ পদক লাভ কৰা সকলক অনুষ্ঠানিকভাৱে বঁটা প্ৰদান কৰা হয়। সেইসকলৰ ভিতৰত আছে-ৱাৰঙ্গেশিৱাংগী বিজয় নম্ৰতা (মণিপাল স্কুল অৱ লাইফ চাইন্সেছ), দেশাই কেয়ুৰিমিলিন্দ (মণিপাল যোগাযোগ প্ৰতিষ্ঠান), বৈষ্ণৱী বাল্লাল (কস্তুৰবা চিকিৎসা মহাবিদ্যালয়, মাংগালোৰ), মুস্কানচিচৰা (মণিপাল দন্ত বিজ্ঞান মহাবিদ্যালয়, মণিপাল) আৰু স্তুতি পাৰিখ (মণিপাল স্বাস্থ্য বৃত্তি মহাবিদ্যালয়)।

স্নাতক শিক্ষাৰ্থীৰ সৈতে বাৰ্তালাপ কৰি শ্ৰী অমিতাভ চৌধুৰীয়ে এম.এ.এইচ.ই.-ক শিক্ষাবিদসকলৰ লগতে বিশ্বমানৰ আন্তঃগাঁথনি সুবিধাৰ সৈতে এক অনন্য প্ৰতিষ্ঠান হিচাপে বৰ্ণনা কৰি কয় যে ইয়াত শিক্ষাৰ্থীসকলৰ সামগ্ৰিক বিকাশ প্ৰদান কৰে। মানদণ্ড শিক্ষাৰ ক্ষেত্ৰত ইয়াৰ প্ৰতিষ্ঠাপক স্বৰ্গীয় ড০ টিএমএ পাইৰ দ্বাৰা এম.এ.এইচ.ই.-ৰ ৭০ বছৰতকৈও অধিক অৱদানক বিশ্বব্যাপী স্বীকৃতি দিয়া হৈছে।

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *