অষ্ট্ৰেলিয়া চৰকাৰে টেনিছ তাৰকা ন’ভাক জক’ভিচৰ দেশত প্ৰৱেশৰ ওপৰত থকা নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰি অষ্ট্ৰেলিয়ান অ’পেনত অংশগ্ৰহণৰ পথ প্ৰশস্ত কৰিছে। ইমিগ্ৰেচন মন্ত্ৰী এণ্ড্ৰিউ গাইলছে বৃহস্পতিবাৰে নিশ্চিত কৰিছে যে জক’ভিচক অষ্ট্ৰেলিয়া প্ৰৱেশ কৰিবলৈ অস্থায়ী ভিছা প্ৰদান কৰা হৈছে। জক’ভিছে ক’ভিড-১৯ টিকাকৰণ অবিহনে অষ্ট্ৰেলিয়া প্ৰৱেশ কৰাৰ চেষ্টা কৰাৰ বাবে গ্ৰেণ্ড শ্লেমৰ প্ৰাকমুহূৰ্তত মেলবৰ্ণত আটক হোৱাৰ প্ৰায় ১০ মাহ পিছত তেওঁৰ ভিছা নিষেধাজ্ঞা উঠাই লোৱা হৈছে। আইনী যুঁজৰ পিছত জক’ভিচক অষ্ট্ৰেলিয়াৰ পৰা নিৰ্বাসিত কৰা হৈছিল আৰু স্বয়ংক্ৰিয়ভাৱে তিনি বছৰৰ বাবে অষ্ট্ৰেলিয়াত প্ৰৱেশ নিষিদ্ধ কৰা হৈছিল। অৱশ্যে, গাইলছৰ সিদ্ধান্তই জক’ভিচৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা কৰ্তন কৰিব। এক বিবৃতিত তেওঁ কয় যে দেশত বিদেশী প্ৰৱেশ নিষিদ্ধ কৰাৰ কঠোৰ সীমান্ত নিষেধাজ্ঞা উঠাই লোৱা হৈছে। ২০২২ চনৰ জানুৱাৰীত জক’ভিচৰ ভিছা বাতিল হোৱাৰ পিছত, জৈৱ সুৰক্ষা আইন ২০১৫ৰ অধীনত সকলো ক’ভিড-১৯ সম্পৰ্কীয় অষ্ট্ৰেলিয়ান সীমান্ত নিষেধাজ্ঞা উঠাই লোৱা হৈছে, যাৰ ভিতৰত আছে অষ্ট্ৰেলিয়াত প্ৰৱেশ কৰাৰ বাবে ক’ভিড-১৯ টিকাকৰণৰ স্থিতিৰ প্ৰমাণ প্ৰদান কৰাৰ প্ৰয়োজনীয়তা। এটিপি ফাইনেলত তুৰিনত ভাষণ দি জক’ভিচে কয় যে তেওঁ অষ্ট্ৰেলিয়ালৈ উভতাৰ সুযোগ লাভ কৰি অতি সুখী। অষ্ট্ৰেলিয়ান অ’পেন মোৰ আটাইতকৈ সফল গ্ৰেণ্ড শ্লেম। উল্লেখ্য যে ২০২৩ চনৰ অষ্ট্ৰেলিয়ান অ’পেন ১৬-২৯ জানুৱাৰীৰ ভিতৰত খেলা হ’ব।
জক’ভিচৰ অষ্ট্ৰেলিয়া ভ্ৰমণৰ নিষেধাজ্ঞা প্ৰত্যাহাৰ
