ক্ৰিকেট অনুৰাগীসকলৰ বাবে এটা দুখবৰ। ৱেষ্ট ইণ্ডিজৰ অলৰাউণ্ডাৰ কিৰন পোলাৰ্ডে আই পি এলৰ পৰা অৱসৰ ঘোষণা কৰিছে। তেওঁ ছচিয়েল মিডিয়া কাউণ্টত এইটো ঘোষণা কৰিছে। উল্লেখ্য যে শেহতীয়াকৈ মুম্বাই ইণ্ডিয়ানছে এই ছিজনৰ নিলামৰ আগতে পোলাৰ্ডক মুকলি কৰি দিছে বুলি বাতৰি আহিছিল। মুম্বাইৰ হৈ ১২ বছৰ খেলি মুম্বাইৰ দ্বাৰা পোলাৰ্ডক প্ৰথমবাৰৰ বাবে মুকলি কৰি দিয়া হৈছিল। এতিয়া তেওঁ আই পি এলৰ পৰা অৱসৰ লৈ সকলোকে আচৰিত কৰিছে। পোলাৰ্ডে অৱসৰৰ বাবে এটা দীঘলীয়া পোষ্ট লিখিছে য’ত তেওঁ কৈছে যে তেওঁ আৰু কেইবছৰমান খেলিব বিচাৰে কিন্তু মুম্বাইৰ সৈতে কথা পতাৰ পিছত, তেওঁ অৱসৰ লোৱাৰ সিদ্ধান্ত লৈছে। উল্লেখ্য যে কিৰন পোলাৰ্ডে মুম্বাই ইণ্ডিয়ানছৰ সৈতে ৫ খন আই পি এল আৰু ২ টা চেম্পিয়নছ লীগ ট্ৰফী জিকিছে।পোলাৰ্ডে মুম্বাই ইণ্ডিয়ানছক বেটিং প্ৰশিক্ষক আৰু এমআই এমিৰেটছৰ সৈতে এজন খেলুৱৈ হিচাপে শক্তিশালী কৰিবলৈ কেইবা দশকৰ অভিজ্ঞতা আৰু দক্ষতা ব্যৱহাৰ কৰিব। কিৰন পোলাৰ্ডে কেইখনমান মেচত মুম্বাই ইণ্ডিয়ানছৰ হৈ অধিনায়কত্বৰ দায়িত্ব গ্ৰহণ কৰিছিল, যেতিয়া ৰোহিত শৰ্মা সম্পূৰ্ণৰূপে ফিট নাছিল।
আই পি এলৰ পৰা অৱসৰ ঘোষণা কিৰন পোলাৰ্ডৰ
