৫০খন নতুন ভি’ শ্বপ’ৰে গ্রামঞ্চলত খুচুৰা ভেটি সম্প্ৰসাৰণ ভি’-ৰ

দ্ৰুত ব্ৰডবেণ্ড প্ৰৱেশৰ ফলত যোৱা কেইবছৰমানত দেশত ডিজিটেলকৰণ বৃদ্ধি পাইছে। ইয়াৰ মাজতে ভাৰতৰ আগশাৰীৰ টেলিকম অপাৰেটৰ, ভোডাফোন আইডিয়া লিমিটেড (ভি’)ৰ ব্ৰেণ্ড মুকলিৰ পিছত সৰ্ববৃহৎ খুচুৰা সম্প্ৰসাৰণৰ পৰিকল্পনাৰে দেশৰ ৫০০ মিলিয়ন ডিজিটেলভাৱে সংযোগবিহীন লোকক আগন্তুক সময়ত সংযোগ কৰি ডিজিটেল বিকাশক অনুপ্ৰেৰিত কৰাৰ পৰিকল্পনা কৰিছে।

উপ জিলা পৰ্যায়ত ইয়াৰ খুচুৰা ভেটি সম্প্ৰসাৰিত কৰিবলৈ ভি-য়ে পশ্চিম বংগৰ বহু চহৰত ৫০ টা নতুন ফৰ্মেট ‘ভি শ্বপ’ মুকলি কৰিছে। বছিৰহাট, ৰামপুৰহাট, কৰিমপুৰ, সিংগুৰ আদিৰ দৰে সৰু চহৰবোৰে এতিয়া ভি’-ৰ পৰা দ্ৰুত, দক্ষ, ফেচ-টু-ফেচ সেৱা লাভ কৰিব, লগতে অঞ্চলটোৰ নিউ এজ মোবাইল ব্যৱহাৰকাৰীসকলৰ বাবে বিভিন্ন পৃথক সামগ্ৰী আৰু অফাৰ লাভৰ সুবিধা থাকিব।

নতুন খুচুৰা উদ্যোগৰ সন্দৰ্ভত ভোডাফোন আইডিয়া লিমিটেডৰ চিঅ’অ’ অভিজিত কিশোৰে কয়, “পশ্চিম বংগকে ধৰি ৫টা চাৰ্কুলৰ কেইবাখনো টায়াৰ ৩ চহৰৰ ভি’ গ্ৰাহকসকলে এতিয়া প্ৰশিক্ষিত কৰ্মচাৰীৰ জৰিয়তে সেৱা লাভ কৰাৰ ক্ষেত্ৰত নিশ্চিত সহজতা আৰু সৰলতাৰে চুবুৰীয়া ভি’ শ্বপ’লৈ যাব পাৰে।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *