‘নিৰি মিডায়া’ৰ দ্বিতীয় বৰ্ষপূৰ্তি উদযাপন

গুৱাহাটীত প্ৰতিষ্ঠা কৰি বিশ্বৰ সাতখন দেশলৈ বিস্তাৰিত হোৱা আগশাৰীৰ মনোৰঞ্জনধৰ্মী প্ৰতিস্থান ‘নিৰি মেডিয়া’ৰ দ্বিতীয় বৰ্ষপূৰ্তি অনুষ্ঠান উদ্‌যাপন কৰা হয়। বৃহস্পতিবাৰে গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত এই অনুষ্ঠানত মুখ্য অতিথিৰূপে উপস্থিত থাকে পদ্মশ্ৰী বঁটাপ্ৰাপ্ত এলি আহমেদ, বিশিষ্ট সংগীত শিল্পী সদানন্দ গগৈ, ৰাষ্ট্ৰীয় পুৰষ্কাৰপ্ৰাপ্ত চলচ্চিত্ৰ পৰিচালক হেমেন দাস আৰু চলচ্চিত্ৰ প্ৰযোজক দ্বিজেন্দ্ৰ মোহন শৰ্মা। অনুষ্ঠানটি পৰিচালনা কৰি নিৰি মেডিয়াৰ সঞ্চালক জোনমণি দেৱী খাউণ্ডে বিগত দুটা বছৰত ‘নিৰি’ৰ সৈতে জড়িত সকলো ব্যক্তি, দৰ্শক আৰু ছাবস্ক্ৰাইবাৰসকলক ধন্যবাদ জ্ঞাপন কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত ‘ৰূপান্তৰ’ নামৰ এখন মননশীল বাংলা ৱেব ছিৰিজ দৰ্শকৰ বাবে মুকলি কৰি দিয়া হয়। বুটাম টিপি ৱেব ছিৰিজখন মুকলি কৰে সংগীত শিল্পী সদানন্দ গগৈয়ে। ‘নিৰি ৯’ নামৰ অ’ টি টি প্লেটফৰ্মত এই ৱেব ছিৰিজখন দৰ্শকে উপভোগ কৰিবলৈ পাব। আনহাতে, ২০২৩ চনত নিৰি ৯ ত মুক্তি পাবলগা আকৰ্ষণীয় ৱেব ছিৰিজ মচ্ (বাংলা), ডিচিত (হিন্দী)ৰো পোষ্টাৰ মুকলি কৰা হয়। পৰিচালক হেমেন দাস আৰু প্ৰযোজক দ্বিজেন্দ্ৰ মোহন শৰ্মাই পোষ্টাৰকেইখন মুকলি কৰে। একেটা অনুষ্ঠানতে ‘যোদ্ধা- দ্য ফাইটাৰ্চ’ নামৰ এখন আকৰ্শনীয় ৰিয়লিটী শ্ব’ ৰ পোষ্টাৰো মুকলি কৰা হয় একেটী অনুষ্ঠানত। ‘যোদ্ধা’ৰ পোষ্টাৰ মুকলি কৰে পদ্মশ্ৰী এলি আহমেদে। ইপিনে, নিৰি মিডিয়াৰ প্ৰযোজনাত নিৰ্মাণ হৈ আছে এখন সুন্দৰ আৰু বিগ বেনাৰৰ হিন্দী চলচ্চিত্ৰ। ইতিমধ্যে দৃশ্যগ্ৰহণ সম্পূৰ্ণ হোৱা চলচ্চিত্ৰখনত মুম্বাইৰ বিশিষ্ট অভিনেতা ৰাজেশ টাইলাং, ৰিতু শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য্য, দিপান্বিতা শৰ্মা, ৰীণা ৰাণী, বোধিসত্ব শৰ্মা, অসমৰ বিশিষ্ট অভিনেতা বিভূতি ভূষণ হাজৰিকা, মনোজ বৰকটকী, মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ, কমল লোচন, বনদীপ শৰ্মা আৰু নবাগতা ৰিতীষা খাউণ্ডে অভিনয় কৰিছে। পৰিচালনা প্ৰণৱ ডেকাৰ। চিনেমাট’গ্ৰাফী জ্ঞান গৌতমৰ। সংগীত পৰিচালনা কৰিছে পল্লৱ তামুলী আৰু সৌৰভ জ্যোতি মহন্তই। সম্পাদনা ঝুলন কৃষ্ণ মহন্তৰ। শব্দ সংযোজন কৰিছে অমৃত প্ৰীতমে (মুম্বাই)। শব্দ মিশ্ৰণ দেৱজিৎ চাংমাই (মুম্বাই)ৰ। ‘নিৰি মিডিয়া’ৰ বেনাৰত চলচ্চিত্ৰখন প্ৰযোজনা কৰিছে জোনমণি দেৱী খাউণ্ডে। উল্লেখ্য যে, বৃহস্পতিবাৰৰ এই অনুষ্ঠানত পদ্মশ্ৰী বঁটাপ্ৰাপ্ত এলি আহমেদে এই বিগ বাজেট হিন্দী চলচ্চিত্ৰখনৰ প্ৰথমখন পোষ্টাৰ মুকলি কৰি টীম ‘কুকি’ক শুভকামনা আৰু আশীৰ্বাদ জ্ঞাপন কৰে। প্ৰযোজকে জানিবলৈ দিয়া অনুসৰি সমগ্ৰ দেশৰ চিত্ৰগৃহত মুক্তি লাভ কৰিব ‘কুকি’য়ে। অনুষ্ঠানত ‘নিৰি মিডিয়া’ৰ সৈতে জড়িত বহুকেইগৰাকী গণ্য-মান্য ব্যক্তি উপস্থিত থাকে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *