মহিলা ফুটবল বিশ্বকাপৰ বাবে যোগ্যতা অর্জন আয়াৰলেণ্ড-চুইজাৰলেণ্ড

আয়াৰলেণ্ড আৰু চুইজাৰলেণ্ডে ইউৰোপীয় প্লে অফত নিজ নিজ মেচ জিকি অহা বছৰৰ মহিলা বিশ্বকাপ ফুটবল প্ৰতিযোগিতাৰ বাবে যোগ্যতা অৰ্জন কৰে। এম্বাৰ বেৰেটৰ ৭২ মিনিটৰ ষ্ট্ৰাইকৰ সহায়ৰে আয়াৰলেণ্ডে স্কটলেণ্ডক ১-০ গ’লত পৰাস্ত কৰে। ইয়াৰ জৰিয়তে প্ৰথমবাৰৰ বাবে আয়াৰলেণ্ডে মহিলা বিশ্বকাপত প্ৰৱেশ কৰে।
চুইজাৰলেণ্ডে ৱেলছক ২-১ গ’লত পৰাস্ত কৰে, য’ত ফেবিয়ান হেমে ইনজুৰী-টাইম গ’ল কৰে।
পৰ্তুগালেও অতিৰিক্ত সময়ৰ খেলখনত আইচলেণ্ডক ৪-১ গ’লত পৰাস্ত কৰে কিন্তু বিশ্বকাপত নিজৰ স্থান সুৰক্ষিত কৰিবলৈ অহা বছৰৰ ফেব্ৰুৱাৰীত ১০ দলৰ আন্তঃমহাদেশীয় প্লে অফত তেওঁলোকে খেলিব লাগিব। উল্লেখ্য যে অহা বছৰ ২০ জুলাইৰ পৰা ২০ আগষ্টলৈ অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত মহিলা বিশ্বকাপ অনুষ্ঠিত হ’ব।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *