সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্হাৰ ৩১ সংখ্যক দ্বিবাৰ্ষিক অধিবেশন খন অহা ২১ আৰু ২২ অক্টোবৰত দুদিনীয়াকৈ ধুবুৰি জিলাত অনুস্হিত হ’ব বুলি সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্হাৰ সাধাৰণ সম্পাদক অৰবিন্দ দাস আৰু সাংগাঠনিক সম্পাদক বিশ্বজিত বৰ্মনে কাকতলৈ দিয়া এক বিবৃতি যোগে জানিবলৈ দিছে । ২০২০ চনৰ শেষৰ ফালে অনুস্হিত হ’ব লগীয়া উক্ত অধিবেশনখন ক’ভিডকালীন পৰিস্হিতিৰ বাবে প্ৰায় ডেৰ বছৰ পলমকৈ ধুবুৰি জিলা কোষাগাৰৰ সৌজন্যত অনুস্হিত হ’ব । আনহাতে অধিবেশনখন সুচাৰুৰূপে সম্পন্ন কৰিবৰ বাবে জিলা উপায়ুক্ত অন্বমুথান এম পিক মুখ্য উপদেষ্টা, ধীৰেন্দ্ৰ নাথ কলিতা আৰু সৰিৎ সেনগুপ্তাক সাধাৰণ সম্পাদক হিচাপে লৈ এখন বিশ জনীয়া অভ্যৰ্থনা কমিটি গঠন কৰা হৈছে । আনহাতে অসমৰ সকলো কোষাগাৰ সদস্যই অধিবেশনত যোগদান কৰি কোষাগাৰৰ সমস্যা সমূহৰ ওপৰত বিশদ আলোচনা কৰি চৰকাৰক অবগত কৰাত সহায় কৰিব বুলি দাস আৰু বৰ্মনে আশা প্ৰকাশ কৰিছে ।
সদৌ অসম কোষাগাৰ কৰ্মচাৰী সন্হাৰ দুদিনীয়া অধিবেশন
