১০ আৰু ১১ ছেপ্তেম্বৰত কটন বিশ্ববিদ্যালয় এলুমিনি ভৱন প্ৰেক্ষাগৃহত সদৌ অসম চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলন

বিগত বৰ্ষৰ দৰে এইবাৰো সদৌ অসম চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলনৰ ৪০ তম দ্বি-বাৰ্ষিক ৰাজ্যিক সাধাৰণ অধিবেশন গুৱাহাটী শাখাৰ সৌজন্যত দুদিনীয়াকৈ আয়োজন কৰা হৈছে। ১০ আৰু ১১ ছেপ্তেম্বৰত কটন বিশ্ববিদ্যালয় এলুমিনি ভৱন প্ৰেক্ষাগৃহত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হব বুলি জানিবলৈ দিয়ে সদৌ অসম চতুৰ্থ শ্ৰেণী চৰকাৰী কৰ্মচাৰী সন্মিলনৰ অভ্যৰ্থনা সমিতিৰ সভাপতি ৰমেন চন্দ্ৰ পেগু আৰু সাধাৰণ সম্পাদক চন্দ্ৰধৰ দাসে। ১০ ছেপ্টেম্বৰত কটন কলেজৰ প্ৰাক্তন অধ্যক্ষ ড০ ইন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ দ্বাৰা প্ৰতিনিধি শিবিৰ উদ্বোধনেৰে সভাৰ কাৰ্যসূচী আৰম্ভ হব। আনহাতে ১১ ছেপ্তেম্বৰত মুকলি অধিৱেশনত মূখ্য অতিথিৰূপে উপস্থিত থাকিব ভাৰতীয় জনতা পাৰ্টী, অসম প্ৰদেশৰ  সভাপতি ভৱেশ কলিতা, মন্ত্ৰী পিযুচ হাজৰিকা, কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত পল্লব গোপাল ঝা, মুখ্যমন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া হেমন্ত চৌধুৰীৰ লগতে বহু কেইগৰাকী বিশিষ্ট ব্যক্তি।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *