ডিব্ৰুগড়বাসীক গৌৰৱবোধ কৰোৱা ক্লক টাৱাৰ কাৰ বাবে নিস্তব্ধ!

ডিব্ৰুগড়বাসীক গৌৰৱবোধ কৰোৱা ক্লক টাৱাৰ কাৰ বাবে নিস্তব্ধ!




স্তব্ধ হৈ পৰিল ডিব্ৰুগড়ৰ ক্লক টাৱাৰৰ ক্লক।
কাণষাৰ নাই ডিব্ৰুগড় প্ৰশাসনৰ।
ৰাইজে উদঙালে ডিব্ৰুগড় নগৰ উন্নয়নৰ ফোপোলা স্বৰূপ।
প্ৰায় ৩ বছৰ ধৰি স্তব্ধ হৈ আছে ডিব্ৰুগড়ৰ চৌকীডিঙ্গী স্থিত ক্লক টাৱাৰ ক্লক।
জানিব পৰা মতে ডিব্ৰুগড়ৰ তৈল ক্ষেত্ৰ দুলিয়াজানৰ দ্বাৰা ৭ লাখকৈ টকা পুজিঁ আবন্টনেৰে স্থাপিত ক্লক টাৱাৰটোৰ স্থাপনৰ ক্ষেত্ৰত অতিকৈ গৌৰৱবোধ কৰিছিলে ডিব্ৰুগড়ৰ জনসাধাৰনে। ডিব্ৰুগড়ৰ সেই সময়ৰ তদানীন্তন জিলা উপায়ুক্ত অৰুনা ৰাজৰীয়া আৰু পৌৰপতি চন্দ্ৰকান্ত বৰুৱাৰ তত্বাৱধানত স্থাপিত কৰা হৈছিল এই ক্লক টাৱাৰ। কিন্তু পৰিতাপৰ বিষয় যে এটা সময়ত সগৌৰৱে থিয় দি থাকি ডিব্ৰুগড়বাসী ৰাইজক গৌৰৱবোধ কৰোৱা ক্লক টাৱাৰ এতিয়া নিষ্কৃয়, নিস্তব্ধ। কিন্তু এই ক্লক টাৱাৰ কাৰ বাবে বন্ধ হৈ আছে সেইয়া ডিব্ৰুগড়ৰ জনসাধাৰনৰ এক মাত্ৰ প্ৰশ্ন।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *