চৰকাৰৰ পৰা নিয়মীয়াকৈ দৰমহা আদায় নোপোৱাক কেন্দ্ৰ কৰি সম্প্ৰতি ক্ষোভিত হৈ পৰিছে সৰ্বশিক্ষাৰ অধীনৰ ঠিকা ভিত্তিক শিক্ষক-কৰ্মচাৰী সকল। ফলত ৰাজ্যৰ কেইবা সহস্ৰাধিক ঠিকাভিত্তিক শিক্ষক-কৰ্মচাৰীৰ দৰমহা সময় মতে আদায় দিবলৈ চৰকাৰৰ ওচৰত দাবী জনাইছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই)ৰ অসম ৰাজ্যিক কমিটিযে ৷ লগতে শিক্ষকে দৰমহাৰ বাবে অনিশ্চয়তাৰ মাজত থাকি হাহাকাৰ কৰিবলগীয়া হোৱাটো ৰাজ্যৰ শৈক্ষিক জগতৰ বাবে এক লজ্জাজনক ঘটনা বুলি অভিহিত কৰিছে ডি ৱাই এফ আই যে । এই সন্দৰ্ভত ডি ৱাই এফ আইৰ অসম ৰাজ্যিক কমিটিৰ সভাপতি ৰুস্তম আলী আৰু সম্পাদক ৰিতু ৰঞ্জন দাসে আজি এক বিবৃটিত কয় যে অসম চৰকাৰে ৰাজ্যৰ অৰ্থনৈতিক অৱস্থা শক্তিশালী হৈ আছে বুলি দম্ভালি মাৰি থকাৰ সময়তে ঠিকাভিত্তিক শিক্ষকক দৰমহা দিব নোৱাৰাটো এক বুজিব নোৱাৰা সাঁথৰ৷ সময় মতে দৰমহা আদায় নিদিলে অকল যে শিক্ষকৰে অসুবিধা হয় তেনে নহয়, ইয়াৰ ফলত গোটেই শিক্ষাদান প্ৰক্ৰিয়াতে প্ৰভাব পৰে৷ ঠিকাভিত্তিক শিক্ষকৰ চাকৰি নিয়মীয়া কৰিম বুলি কৈও প্ৰতাৰণা কৰা অসম চৰকাৰে অনিয়মীয়া দৰমহা প্ৰদানেৰে কৰ্মৰত শিক্ষকসকলৰ মনত নিজৰ ভবিষ্যতকলৈ আৰু সন্ধিহান কৰি তুলিছে ৷ ঠিকাভিত্তিক শিক্ষক আৰু নিয়মীয়া শিক্ষকৰ মাজত ডি এ প্ৰদানৰ ক্ষেত্ৰতো চৰকাৰে বৈষম্যৰ আশ্ৰয় লৈছে৷ সেইবাবে ডি ৱাই এফ আইয়ে দাবী কৰিছে যে ঠিকাভিত্তিক শিক্ষকসকলক নিয়মীয়াকৈ দৰমহা আদায় দিয়াৰ ব্যৱস্থা কৰি আৰু সমহাৰত ডি এ প্ৰদান কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায় ।
ঠিকাভিত্তিক শিক্ষকৰ দৰমহা সময় মতে আদায় দিযাৰ দাবী ডি ৱাই এফ আইৰ
