গোলাঘাটত খাদ্যত বিষক্ৰিয়া হৈ ১৫ গৰাকী চিকিৎসাধীন





গোলাঘাটৰ চেলেঙীত আজি খাদ্যত বিষক্ৰিয়া হৈ চিকিৎসাধীন হব লগীয়া হয় ১৪ গৰাকী লোক । অঞ্চলটোৰ দীপক ফুকনৰ ঘৰত গ্ৰহদোষ খণ্ডনৰ বাবে নাম-কীৰ্তন অনুষ্ঠানত মাহ প্ৰসাদ ; চিৰা-দৈ খাই এই বিষক্ৰিয়া হয় বুলি জানিব পৰা গৈছে । এই বিষক্ৰিয়াত শিশুৰ পৰা বৃদ্ধলৈকে ১৪ জন লোকক গোলাঘাটৰ কুশল কোৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে । কেইবাজনো সংকট মুক্ত বুলি চিকিৎসক ডাঃ বিপুল দাসে জানিবলৈ দিছে । আক্ৰান্ত লোকসকল মূলত পেটৰ বিষ,বমি আৰু ডিচেন্ট্ৰিত আক্ৰান্ত হৈছে । গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা লোক সকল হৈছে উৎপল ফুকন ( ১০), অনুপ্ৰভা ফুকন (৫৫),বিউটি ফুকন (৬০),মুখেশ্বৰ শইকীয়া (৪৫), নিত্যা ফুকন(৫২),ৰঞ্জিত ফুকন (৫০),বিশেশ্বৰ ফুকন (৫৫),শুনা ৰাম ফুকন (৪৫), ৰোখেশ্বৰ ফুকন( ৬৮), বিমলা ফুকন (৬২), ব্ৰজেন ফুকন( ৫৬), ডলী ফুকন (৩০),পুহেশ্বৰ গগৈ (৭৫) আৰু সোনাবৰ গগৈ (৮৫) ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *