টাটা মটৰ্ছে তেওঁলোকৰ যাত্ৰীবাহী বাহন গ্ৰাহকসকলৰ বাবে সহজ বিত্তীয় সুবিধা প্ৰদান কৰে

ভাৰতৰ আগশাৰীৰ অট’ম’টিভ ব্ৰেণ্ড টাটা মটৰ্ছে ইয়াৰ যাত্ৰীবাহী বাহন গ্ৰাহকসকলৰ বাবে সহজ বিত্তীয় যোগানৰ সুবিধাৰ বাবে ইণ্ডিয়ান বেংকৰ সৈতে অংশীদাৰীত্ব কৰিছে। এই কৌশলগত অংশীদাৰিত্বৰ লক্ষ্য হৈছে সমগ্ৰ দেশত ইণ্ডিয়ান বেংকৰ ৫৭০০+ শাখাৰ পৰা অনুকূলিত আৰু আকৰ্ষণীয় গাড়ী লোন প্ৰদান কৰা। এই লোন ৭.৮০% কম আকৰ্ষণীয় সুতৰ হাৰত উপলব্ধ হ’ব।

আঁচনিখনে পথ পুঁজি (road funding)ৰ ওপৰত ৯০% লৈকে বিত্তীয় যোগান ধৰিব, যাৰ পৰিশোধৰ চৰ্তাৱলী ৭ বছৰলৈকে হ’ব। গ্ৰাহকসকলে কোনো অতিৰিক্ত মাচুল নোহোৱাকৈ আংশিক পৰিশোধ প্ৰদান কৰিব পাৰে। টাটা মটৰ্ছৰ গ্ৰাহকসকলে সমগ্ৰ দেশতে টাটা মটৰ্ছৰ ডিলাৰৰ জৰিয়তে বিত্তীয় বিকল্পৰ বাবে পঞ্জীয়ন কৰিব পাৰিব।

টাটা মটৰ্ছ পেচেঞ্জাৰ ভেহিকেলছ লিমিটেডৰ নেটৱৰ্ক মেনেজমেণ্ট এণ্ড ইভি চেলছৰ জ্যেষ্ঠ মহাপ্ৰৱন্ধক ৰমেশ ডৰাইৰাজনে (Ramesh Dorairajan) কয়, “আমাৰ অংশীদাৰীত্বৰ লক্ষ্য হৈছে আমাৰ গ্ৰাহকসকলক এক অসুবিধামুক্ত অভিজ্ঞতা প্ৰদান কৰা আৰু ইয়াৰ দ্বাৰা আগন্তুক উৎসৱৰ বতৰৰ উৎসাহ বৃদ্ধি কৰা। আমি নিশ্চিত যে এনে অংশীদাৰীত্বে গ্ৰাহকসকলৰ বাবে গাড়ী ক্ৰয় প্ৰক্ৰিয়াটো নিৰৱচ্ছিন্ন কৰি তুলিব আৰু টাটা গাড়ীৰ তেওঁলোকৰ সামগ্ৰিক ক্ৰয়ৰ অভিজ্ঞতাক ইতিবাচকভাৱে প্ৰভাৱিত কৰিব।”

By Business Correspondent

Leave a Reply

Your email address will not be published. Required fields are marked *