পোছাক প্ৰস্তুত গৃহ সজ্জা খণ্ডৰ দক্ষতা পৰিষদে (এএমএইচ এছএছচি) তেওঁলোকৰ কৰ্পোৰেট সামাজিক দায়বদ্ধতা (চিএছআৰ) পুঁজিৰ পৰা ৰাষ্ট্ৰীয় দক্ষতা বিকাশ পুঁজিলৈ (এনএছডিএফ) ৫১ লাখ টকা দান কৰিছে যাতে ভাৰতৰ যুৱসকলক দক্ষতা প্ৰশিক্ষণৰ সৈতে শক্তিশালী কৰা যায়। শ্ৰী বেদ মণি তিৱাৰী আৰু অন্যান্য বিষয়াসকলৰ উপস্থিতিত এএমএইচ এছএছচিৰ অধ্যক্ষ শ্ৰী প্ৰেমল উদানীয়ে এমএছডিইৰ সচিব শ্ৰী ৰাজেশ আগৰৱালক এই চেক প্ৰদান কৰে। পুঁজিটো দক্ষ পৰিৱেশ তন্ত্ৰৰ ক্ষমতা নিৰ্মাণত ব্যৱহাৰ কৰা হ’ব।
শিক্ষা আৰু দক্ষতা বিকাশ ভাৰতত চিএছআৰ পদক্ষেপৰ বাবে পছন্দ হিচাপে দ্ৰুতগতিত উদ্ভৱ হৈছে। চি.এছ.আৰ. পুঁজিবোৰ পৰিকল্পিত ভাৱে ব্যৱহাৰ কৰি, কোম্পানীবোৰে কেৱল স্কিল ইণ্ডিয়া মিছনক উৎসাহিত কৰাই নহয়, লগতে এক শক্তিশালী শ্ৰমিক বজাৰ সৃষ্টি কৰি ভাৰত আৰু লাখ লাখ জীৱিকাৰ ওপৰত যথেষ্ট প্ৰভাৱ পেলাব পাৰে।
এএমএইচএছএছচিৰ সিদ্ধান্তক প্ৰশংসা কৰি দক্ষতা বিকাশ আৰু উদ্যোগ মন্ত্ৰালয়ৰ (এমএছডিই) সচিব শ্ৰী ৰাজেশ আগৰৱালে কয়, “মই এই সুযোগত অধিক সংগঠনক আগবাঢ়ি আহি দক্ষতা নিৰ্মাণকাৰ্যত জড়িত হ’বলৈ আৰু দক্ষতা নিৰ্মাণৰ কাৰ্যকলাপত জড়িত হ’বলৈ আৰু স্কিল ইণ্ডিয়া মিছন শক্তিশালী কৰাত সহায় কৰিবলৈ আহ্বান জনাইছো।”