টোপাতলীত আয়ুষ্মাণ ভাৰত স্বাস্থ্য মেলা সম্পন্ন

সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত টোপাতলীত কালি এখন স্বাস্থ্য মেলা অনুষ্ঠিত হৈ যায়৷ কামৰূপ মহানগৰ জিলা স্বাস্থ্য সমিতি আৰু সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত স্বাস্থ্য মেলাখন আয়োজন কৰা হয়৷‘আজাদী কা অমৃত মহোৎসৱ’ৰ লগত সংগতি ৰাখি আয়োজন কৰা মেলাখন মুকলি কৰে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই৷

 বিধায়ক বৰাই চৰকাৰে আগবঢ়োৱা স্বাস্থ্যসেৱা সমূহৰ ওপৰত গুৰুত্ব প্ৰদান কৰি জনসাধাৰণক সেৱাসমূহ গ্ৰহণ কৰিবলৈ আহ্বান জনায়। পৰিয়াল পৰিকল্পনাৰ সঠিক দিশৰ ওপৰতো তেঁও গুৰূত্ব আৰোপ কৰে। লগতে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ উৎপাদন আৰু বিক্ৰী কৰাৰ ওপৰত গুৰূত্ব দিয়ে৷ ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী বন্ধ কৰিবলৈ যাওঁতে গোচৰৰ সন্মুখীন হোৱা লোকৰ আইনী যুঁজৰ ব্যয় বহন কৰাৰো ঘোষণা কৰে বিধায়ক গৰাকীয়ে।  এই মেলাখনত স্ত্ৰী আৰু প্ৰসূতি, শিশু, ই এন টি, দন্ত, চকু, অসংক্ৰমিত ৰোগৰ পৰীক্ষণ, পৰিয়াল পৰিকল্পনা সেৱাৰ লগতে বিভিন্ন পৰীক্ষা আৰু বিনামূলীয়া টিকাকৰণৰ সেৱা আগবঢ়োৱা হয়৷ অঞ্চলটোৰ ৫১৬ গৰাকী লোকে এই মেলাত বিনামূলীয়া সেৱা লাভ কৰে৷

কামৰূপ জিলা পৰিষদৰ সদস্য, তেতেলিয়া পঞ্চায়তৰ সভাপতি, টোপাতলী পঞ্চায়তৰ সভাপতি, তিৱা স্বায়ত্বশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য, জিলা প্ৰতিষেধক বিষয়া, জিলা যক্ষ্মা বিষয়া, সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়াৰ লগতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কামৰূপ মহানগৰ জিলাৰ বিষয়ববীয়াসকলো এই মেলাত উপস্থিত  থাকে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *