গুৱাহাটী ভাওনা সমাৰোহ- ২০২২ ৰ আয়োজন

প্ৰথমবাৰৰ বাবে  ১৪ আৰু ১৭ মে’ ত গুৱাহাটী ভাওনা সমাৰোহ- ২০২২ ,ৰ আয়োজন কৰা হৈছে।দেওবাৰে দিছ্পুৰ প্ৰেছ ক্লাৱত অনুষ্ঠিত এখন সংবাদ মেলত এই কথা সদৰী কৰে ‘ইত্যাদি’ৰ সাধাৰণ সম্পাদক  প্রভাত বৰদলৈয়ে। তেওঁ কয়-অসমৰ সমাজ-সংস্কৃতিৰ বণ্যাঢ্য সম্পদৰাজিৰ চৰ্চা, প্ৰচাৰ, প্ৰসাৰৰ স্বাৰ্থত লগতে নতুন কর্মসূচী আৰম্ভণিৰ বাবে বেজবৰুৱা বৃদ্ধ সেৱা সংস্থা আৰু অভিযানিক শিক্ষা কেন্দ্ৰ, অসম’ৰ সমভাবাপন্ন কৰ্মকতাসকলে এবছৰ পূৰ্বে ‘ইত্যাদি’ নামাকৰণেৰে এক উমৈহতীয়া জনমঞ্চৰ জন্ম দিছে। এই ইত্যাদিৰ উদ্যোগত নৱপ্ৰজন্মৰ মাজত গুৰুজনাৰ সৃষ্টিৰাজি প্ৰচাৰৰ যোগেদি ভাষিক আৰু সাংস্কৃতিক সম্প্রীতি বঢ়োৱা, ভাওনাৰ আদৰ্শৰ যোগে যুব উচ্ছৃংখলতা নিবাৰণ আদি উদ্দেশ্য আগত ৰাখি পোন  ভবিষ্যতে এই কাৰ্যসূচীৰ অনুষ্ঠানসমূহ বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰাৰ মাজলৈ আগবঢ়াই নিয়াৰ এক দীৰ্ঘম্যাদী পৰিকল্পনা কৰা হৈছে। ১৪ মে’ ত  গুৱাহাটীৰ বামুনামৈদাম, জ্যোতিনগৰস্থিত শ্ৰীমন্ত শংকৰদেৱ সমাজ কীৰ্ত্তনঘৰত প্ৰথমদিনৰ কাৰ্যসূচীত ‘বিপ্ৰ দামোদৰ আখ্যান’ নাটখন প্রদর্শন কৰিব ডিগবৈৰ পদ্মনাভ নাট্যগোষ্ঠীয়ে। নাটখন পৰিচালনা কৰিব  দীপেন বৰাই। সমাৰোহৰ লগত সংগতি ৰাখি ড° পৰশমনি দাস আৰু  মদনমোহন পাগবন্ধাৰ যুটীয়া সম্পাদনাত প্ৰস্তুত কৰা ‘কদমকলি’ নামৰ মুখপত্ৰখন উন্মোচন কৰা হ’ব। ১৭ মে’ ত গুৱাহাটীৰ ন-মাইলস্থিত ইউ এছ টি এম বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত উত্তৰ-পূবৰ  ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত হ’ব লগীয়া দ্বিতীয় দিনৰ কাৰ্যসূচীত মাতৃভাষাৰ একেনামৰ নাটখনি প্ৰদৰ্শন কৰিব মালৌ আলি, যোৰহাটৰ পাঞ্চজন্য নাট্যগোষ্ঠীয়ে। নাট পৰিচলনা  পূৰ্ণানন্দ দত্তৰ।’

সংবাদ মেলত সভাপতি ড° শিখা বেজবৰুৱা গোস্বামীয়ে কয়- দুয়োদিনৰ কাৰ্যসূচীত সংস্কৃতিবান ৰাইজৰ উপস্থিতি, সহায় সহযোগিতা একান্তই কামনা কৰিলোঁ।’ সং বাদ মেলত ইত্যাদিৰ অন্যান্য বিষয়ববীয়া উপস্থিত থাকে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *