ড্ৰাগছৰ বিৰুদ্ধে হোজাই জিলা আৰক্ষী প্ৰশাসনে অভিযান চলাই থকা সময়তে মঙলবাৰে নিশা মোৰাঝাৰ আৰক্ষীয়ে এক আভিযান চলাই বৃহৎ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । মোৰাঝাৰ আৰক্ষীয়ে বিভিন্ন স্থানৰ পৰা মুঠ ৬ জন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰাৰ লগতে ১২০ গ্ৰাম সন্দেহজনক হেৰইন জব্দ কৰে ।
যোৱা নিশা গোপণ সূত্ৰৰ ভিত্তিত মোৰাঝাৰ আৰক্ষীয়ে কৰৈয়নী গাঁৱৰ জিয়াবুৰ ৰহমানৰ ঘৰত তালাচী চলাই আটক কৰে আৰু তাৰ জিম্মাৰ পৰা ১১ টা চাবোন কেইচ ভৰ্তি সন্দেহজনক হেৰইন ১২০ গ্ৰাম উদ্ধাৰ কৰে । জিয়াবুৰৰ পিছত ৫ নং উদালীৰ ওৱাহিদুৰ ৰহমানক আটক কৰে আৰক্ষীয়ে । দুয়োজনক সোধপোচ কৰি মোৰাঝাৰ স্বপুৰগাওঁৰ বাসিন্দা তাজ উদ্দিনক আটক কৰে ।