ৰাজ্যত বন্ধ কৰিব ৰে’ল বিভাগৰ ৭খন বিদ্যালয়

ৰেল বিভাগৰ মাটি বহিৰাগত বণিকক চমজাই দিয়াৰ পাছত এইবাৰ ৰাজ্যত থকা ৰেল বিভাগৰ অধীনস্থ কেইবাখনো বিদ্যালয় বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ৰেল কৰ্তৃপক্ষই। এই সন্দৰ্ভত উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰৱন্ধকৰ হৈ সহকাৰী ব্যক্তিগত বিষয়া প্ৰতিভা সিনহাই সংশ্লিষ্ট বিদ্যালয়সমূহৰ প্ৰধান শিক্ষক-শিক্ষয়ত্ৰীসকললৈ এক জাননী প্ৰেৰণ কৰিছে।

এই বিদ্যালয়সমূহত ২০২২-২৩বৰ্ষৰ বাবে কোনো নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন নকৰিবলৈ কোৱা হৈছে। ২০২১-২২ৰ শিক্ষাবৰ্ষ অন্ত পৰা লগে লগে সংশ্লিষ্ট বিদ্যালয়কেইখনত থকা ছাত্ৰ-ছাত্ৰীসকলক ওচৰৰ চৰকাৰী বিদ্যালয়লৈ স্থানান্তৰিতস কৰা হব বুলিও উল্লেখ আছে।

এই স্কুলকেইখনত অধিকাংশতে অসমীয়া মাধ্যমত পাঠদান কৰা হৈছিল। প্ৰথম শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণী আৰু প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে ছাত্ৰ-ছাত্ৰী অধ্যয়ন কৰা এই বিদ্যালয় কেইখনত হঠাত বন্ধ কৰি দিয়া সন্দৰ্ভত কোনো কাৰন দৰ্শোৱা নাই।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *