টেকন’ পিঅ’পি৫ এলটিই ৩ টা ৰোমাঞ্চকৰ ৰঙত উপলব্ধ

বিশ্বব্যাপী প্ৰিমিয়াম স্মাৰ্টফোন ব্ৰেণ্ড টেকনয়ে ইয়াৰ শেহতীয়া প্ৰডাক্ট অফাৰ, পিঅপি৫ এলটিই ইয়াৰ ‘পিঅপি চিৰিজ’ প’ৰ্টফ’লিঅ’ৰ অধীনত মুকলি কৰিছে।৬.৫২ এইচডি+ ডট-নচ ডিচপ্লে, ৫০০০এমএএইচ বেটাৰী, ৮এমপি এআই ডুৱেল ৰিয়াৰ কেমেৰাৰ দৰে চেগমেণ্ট ফাৰ্ষ্ট ফিচাৰৰ গৌৰৱ কৰি, পিঅপি৫ এলটিই এণ্ড্ৰইড ১১ গ’ৰ ওপৰত আধাৰিত কৰি হাইঅ’এছ ৭.৬ ৰ দ্বাৰা চালিত।

ইয়াৰ উপৰিও, স্মাৰ্টফোনটোৱে বিভিন্ন স্মাৰ্ট সুবিধা যেনে আইপিএক্স২ স্প্ল্যেছ ৰেজিষ্টেণ্ট, বৰ্ধিত ১৪ টা আঞ্চলিক ভাষা সমৰ্থন, ১২০ হাৰ্জ চেম্পলিং ৰেট আৰু ফেচ আনলক – এই সকলোবোৰ প্ৰিমিয়াম ডিজাইন আৰু তিনিটা ভাইব্ৰেণ্ট ৰঙত পেক কৰে। পিঅপি৫ এলটিই মুকলি কৰাৰ লগে লগে, টেকন’য়ে ৫-১০কে শাখাত উদ্যোগৰ নেতা হোৱাৰ স্থিতি অধিক দৃঢ় কৰিছে। ভল্ট ২.০, স্মাৰ্ট পেনেল ২.০, কিডছ মোড, চচিয়েল, টাৰ্বো, ডাৰ্ক থীম, পেৰেণ্টেল কণ্ট্ৰোল, ডিজিটেল ৱেলবিং, জেষ্টাৰ কল পিকাৰ আদিৰ দৰে স্থানীয় সুবিধাৰ সৈতে এই সকলোবোৰে পিঅ’পি ৫-ক উপ ৭কে শাখাত জেন জেডৰ বাবে এক নিখুঁত ক্ৰয় কৰি তোলে।

 ফোনটোত ২জিবি ৰেম আৰু ৩২জিবি আভ্যন্তৰীণ ষ্ট’ৰেজ আছে, যাক এক সমৰ্পিত এছডি কাৰ্ড স্লটৰ জৰিয়তে ২৫৬জিবি লৈকে সম্প্ৰসাৰিত কৰিব পাৰি।ট্ৰেন্সচিয়ন ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া অৰিজিৎ তালাপাত্ৰাই কয়, “শেহতীয়া পিঅ’পি৫ শৃংখলাটো জেনজেডৰ সময়ৰ প্ৰয়োজনীয়তাৰ কথা মনত ৰাখি প্ৰস্তুত কৰা হৈছে। আমি নিশ্চিত যে সকলো-নতুন পিঅপি৫ এলটিই য়ে বজাৰত সমাদৰ লাভ কৰাৰ সৈতে, আমি ভাৰতৰ উচ্চাকাংক্ষী যুৱ প্ৰজন্মৰ স্মাৰ্টফোনৰ প্ৰয়োজনীয়তা পূৰণ কৰাত সফল হ’ম।”

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *