ডুবাইট অনুষ্ঠিত হ’ব লগা টি-২০বিশ্বকাপৰ পিছতে অধিনায়কৰ দায়িত্ব এৰিব বিৰাট কোহলীয়ে। ভাৰতীয় ক্ৰিকেট দলৰ তিনিওটা ফৰ্মেটৰ অধিনায়ক গৰাকীয়ে এই কথা ঘোষণা কৰিছে।
কোহলীয়ে ঘোষণা কৰা মতে তেওঁ টি-২০ ফৰ্মেটৰ অধিনায়কৰ দায়িত্ব এৰিলেও আন দুটা ফৰ্মেটত দায়িত্ব পালন কৰি যাব। আনহাতে বিৰাট কোহলীৰ পিছত টি-২০ ফৰ্মেটৰ অধিনায়কৰূপে ৰোহিত শৰ্মাৰ নাম চৰ্চালৈ আহিছে।