অৱশেষত এগৰাকী নাৰীৰ ওচৰত হাৰ মানিবলৈ বাধ্য হ’ল বিজেপি। নিজৰ সৰ্বস্ব শক্তি প্ৰয়োগ কৰিও বংগ দখল কৰিবলৈ সক্ষম নহল মোডী বাহিনী। পশ্চিম বংগত পুনৰ এবাৰ চৰকাৰ গঠন কৰিবলৈ সক্ষম হল মমতা বেনাৰ্জী নেতৃত্বাধীন তৃণমূল কংগ্ৰেছে। কালি ঘোষণা হোৱা বিধানসভা নিৰ্বাচনত ২১৩ খন আসন লাভ কৰে তৃণমূল কংগ্ৰেছে। তাৰ বিপৰীতে মাত্ৰ ৭৭ খন আসন লাভ কৰে বিজেপিয়ে।

নন্দীগ্ৰাম বিধানসভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী সুভেন্দু অধিকাৰীৰ হাতত প্ৰায় ২০০০ ভোটৰ ব্যৱধানত মমতা বেনাৰ্জী পৰাস্ত হ’লেও ইয়ে যেন একো প্ৰভাৱ নেপেলালে তৃণমূল কংগ্ৰেছত। বিজেপিয়ে পশ্চিম বংগত চৰকাৰ গঠনৰ বাবে এইবাৰ উঠিপৰি লাগিছিল। খোদ প্ৰধানমন্ত্ৰী মোডীয়ে ১৮খনকৈ নিৰ্বাচনী প্ৰচাৰ সভা আৰু ৰেলীত অংশ লৈ বংগত বিজেপিৰ চৰকাৰ হব বুলি দাবী কৰিছিল। কিন্তু অৱশেষত বিজেপিৰ এই দাবীয়ে কোনো কাম নিদিলে। মমতা বেনাৰ্জীৰ একক শক্তিৰেই পশ্চিম বংগত তৃণমূল কংগ্ৰেছৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত হৈ পৰিল।