দক্ষিণ শালমাৰা সমষ্টিৰ বালাডোবা গাওঁ পঞ্চায়তৰ ৰাইজ এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত

দক্ষিণ শালমাৰা সমষ্টিৰ বালাডোবা গাওঁ পঞ্চায়তৰ ৰাইজ এশ এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত।

বঞ্চিত চৰকাৰৰ বহু অভিলাষী আঁচনিৰ পৰা।

দক্ষিণ শালমাৰা সমষ্টিৰ বালাডোবা গাওঁ পঞ্চায়ত এলেকাত আজিলৈকে স্থাপন হোৱা নাই এখনো চৰকাৰী বিদ্যালয়, নাই স্বাস্থ্য কেন্দ্ৰ, নাই যাতায়ত ব্যৱস্থা এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত গাওঁ খন।

প্ৰায় দুই সহশ্ৰাধিক পৰিয়ালে বসবাস কৰা বালাডোবা গাওঁ পঞ্চায়ত খনত নাই শিক্ষা ব্যৱস্থা, নাই চিকিৎসা ব্যৱস্থা, নাই যাতায়তৰ সুব্যৱস্থা ৷ গাওঁ খনত বিদ্যালয় নথকাৰ বাবে গাওঁ খনৰ প্ৰায় সহশ্ৰাধিক কণ কণ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণৰ বাবে নিতৌ জিঞ্জিৰাম নদী পাৰ কৰি যাব লাগে দূৰদূৰণিলৈ ৷
এনেদৰে প্ৰতিদিনে যাতায়ত অব্যাহত ৰাখিছে স্কুলীয়া ছাত্ৰছাত্ৰী আৰু ৰাইজ ৷ প্ৰতিদিনে টুলুঙা নাওঁৰে বিপদ সংকুল ভাবে যাতায়ত কৰিবলগীয়া হৈছে শ শ ছাত্ৰ ছাত্ৰী আৰু স্থানীয় ৰাইজ ৷ গাওঁ খনত যাতায়তৰ সুব্যৱস্থা নথকাৰ বাবে আজিলৈকে চৰকাৰৰ বহু অভিলাষী আঁচনিৰ পৰা বঞ্চিত হৈ আছে গাওঁ খন ৷ উক্ত অঞ্চলত যাতায়তৰ অসুবিধাৰ বাবেই প্রৱেশ নকৰে ৰোগীৰ চিকিৎসা সেৱাত থকা ১০৮ বাহন বা অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ৷
নির্বাচনৰ পূৰ্বে বৰ বৰ প্রতিশ্রুতিৰ ফুলজাৰি মৰা প্রতিটো ৰাজনৈতিক দলে নির্বাচনৰ পাছতে গাওঁবাসী আৰু তেওঁলোকৰ সমস্যাসমূহ পাহৰি যায় বুলি অভিযোগ উত্থাপন কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে গঞা ৰাইজে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *