আৰ্জেণ্টিনাৰ ষ্ট্ৰাইকাৰ নিকোলাছ গঞ্জালেজ আৰু জোকুইন কোৰিয়া আঘাতপ্ৰাপ্ত হোৱাৰ বাবে বিশ্বকাপৰ পৰা বাহিৰ হৈছে। আৰ্জেণ্টিনা ফুটবল ফেডাৰেশ্যনে কয়-
ফিওৰেণ্টিনা ক্লাবৰ হৈ খেলা গঞ্জালেজে বৃহস্পতিবাৰে এটা প্ৰশিক্ষণ অধিৱেশনৰ সময়ত পেশীৰ আঘাতত ভুগিছিল আৰু এতিয়া তেওঁৰ স্থানত আটলেটিকো মাদ্ৰিদৰ ফৰৱাৰ্ড এঞ্জেল কোৰিয়াই খেলিব। ফেডাৰেশ্যনে লগতে কয় যে বিশেষ আঘাতৰ বাবে জোকুইন কোৰিয়াক ২৬ জনীয়া দলৰ পৰা বাহিৰ কৰা হৈছে। ইণ্টাৰ মিলান খেলুৱৈজনৰ ঠাইত আটলাণ্টা ইউনাইটেডৰ ফৰৱাৰ্ড থিয়াগো আলমাদাই স্থান পূৰণ কৰিছে। বুধবাৰে সংযুক্ত আৰৱ আমিৰাতৰ বিৰুদ্ধে ৫-০ গ’লত জয়লাভ কৰাৰ সময়ত জোকুইন কোৰিয়াই এটা গ’ল কৰিছিল।
আৰ্জেণ্টিনাই মঙলবাৰে গ্ৰুপ চি-ত তেওঁলোকৰ বিশ্বকাপৰ প্ৰথমখন মেচত চৌদি আৰৱৰে মুখামুখি হ’ব আৰু তাৰ চাৰি দিনৰ পিছত নেডাৰলেণ্ডৰে মুখামুখি হ’ব । দলটোৰ অন্তিম গ্ৰুপ মেচখন ৩০ নৱেম্বৰত পোলেণ্ডৰ বিৰুদ্ধে হ’ব।
আঘাতৰ বাবে ফিফা বিশ্বকাপৰ পৰা বাহিৰ আৰ্জেণ্টিনাৰ ষ্ট্ৰাইকাৰ নিকোলাছ গঞ্জালেজ- জোকুইন কোৰিয়া
