নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান অব্যাহত

হঠাৎ হোৱা বানৰ বাবে নেপালৰ ভিন্ন স্থান ধ্বংসস্তুপত পৰিণত হৈছিল ৷ যাৰ বাবে বৰ্তমানো উদ্ধাৰ অভিযান অব্যাহত ৰাখিছে সেনাই ৷ জানিব পৰা মতে, নেপালৰ চিলিমে জলবিদ্যুৎ প্ৰকল্পত উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত আছে ৷ য’ত ছয়জন শ্ৰমিক সুৰংগৰ ভিতৰত আবদ্ধ হৈ থকাৰ সন্দেহ কৰা হৈছে ৷সুৰংগটোত থকা মাটি-শিল আদি আঁতৰাৱলৈ এক্সকেভেটৰ লগতে অন্যান কাৰিকৰি প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে ৷ দলটোৱে বৰ্তমানলৈকে প্ৰায় ৭০ মিটাৰ গভীৰতালৈ বোকা-পানী আঁতৰাবলৈ সক্ষম হৈছে ৷উল্লেখ্য যে, সুৰংগটোৰ ভিতৰত প্ৰায় ১০০ জন শ্ৰমিক আৱদ্ধ হৈ আছে বুলি সন্দেহ কৰা হৈছে ৷ ইফালে সুৰংগৰ ভিতৰত উদ্ধাৰকাৰী দলে ছয়জন শ্ৰমিকৰ সৈতে যোগাযোগ স্থাপন কৰা বুলি ওলোৱা বাতৰিৰ কোনো নিশ্চিত প্ৰকাশ কৰা নাই উদ্ধাৰকাৰী দলে ৷

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *