ৰূপহীহাটৰ কাঠপাৰাত পাশৱিক, অমানৱীয়, নিৰ্লজ্জ, জঘন্য ধৰ্ষণ কাণ্ড


ৰূপহীহাটৰ কাঠপাৰাত পাশৱিক, অমানৱীয়, নিৰ্লজ্জ, জঘন্য ধৰ্ষণ কাণ্ড। ৰূপহীহাট আৰক্ষী থানাৰ অন্তৰ্গত কাঠপাৰাত ১৩ বছৰীয়া নাবালিকা ছাত্ৰীক উপৰ্যপূৰি ধৰ্ষণ কৰাৰ অভিযোগ পাষণ্ড শিক্ষক হাফিজুৰ ৰহমানৰ বিৰুদ্ধে। আলজামিয়াতুল আৰবীয়া কাঠপাৰা মাদ্ৰাছাতুল বান্নাতত সংঘটিত হৈছে জঘন্য ধৰ্ষণ কাণ্ড। মাদ্ৰাছাৰ শিক্ষক হাফিজুৰ ৰহমানে নাবালিকা কিশোৰী গৰাকীৰ মুখবান্ধি উৰে নিশা ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছে। যোৱা বৃহস্পতি বাৰে নিশা এই ঘটনা সংঘটিত হৈছিল যদিও কিশোৰী গৰাকীৰ ৰক্তক্ষৰণ হোৱাত পোহৰলৈ আহে এই জঘন্য ঘটনা। আজি ঘটনাৰ খবৰ পায় উত্তেজিত ৰাইজৰ লগতে ছাত্ৰী সকলকৰ অভিভাৱকে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰি লণ্ড ভণ্ড কৰে বান্নাত মাদ্ৰাছা গৃহ। ঘটনাস্থলীত আমবাগান আৰক্ষী উপস্থিত হৈ পৰিবেশ নিয়ন্ত্ৰণ কৰাৰ লগতে আটক কৰে লম্পট শিক্ষক হাফিজুৰ ৰহমানসহ প্ৰধান শিক্ষক মফিদুল ইছলামক । সম্প্ৰতি অভিযুক্তক আৰক্ষীয়ে সুধপোচ কৰি তদন্ত আৰম্ভ কৰে। ইফালে লম্পট শিক্ষক হাফিজুৰ ৰহমানক উচিত শাস্তিৰ দিবলৈ ভুক্তভোগী পৰিয়ালৰ লোকে প্ৰশাসনক কাতৰ আহ্বান জনাই ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *