ৰূপহীহাটত আটক চোৰাং চিকাৰী

65

ৰূপহীহাট আৰক্ষীৰ জালত বন্দুকসহ ২২জাই গুলিৰ সৈতে আটক তিনি চোৰাং চিকাৰী।ৰূপহীহাট আৰক্ষীয়ে নিশা পৃথকে পৃথকে অভিযান চলাই আটক কৰে তিনি চুৰাং চিকাৰীক।গঁড় হত্যাৰ লগত জড়িত থকাৰ অভিযোগত আটক কৰে হেকমত আলী, জালাল উদ্দীন আৰু ছাইফুল ইছলাম নামৰ তিনি চোৰাং চিকাৰীক।পূব ফুটালজাৰ আৰু পূব আমৰাকান্দাৰ পৰা হেকমত আলী আৰু জালাল উদ্দীনক আটক কৰে।জালাল উদ্দীন আৰু হেকমত আলীৰ স্বীকাৰোক্তিৰ ভিত্তিত হাতিপুখুৰীৰ পৰা আটক কৰে ছাইফুল ইছলামক।গোলাঘাট আৰক্ষীৰ খবৰৰ ভিত্তিত ৰূপহীহাট আৰক্ষীয়ে আটক কৰে তিনি চোৰাং চিকাৰীক।আটকাধিন তিনিওকে 136/24 নম্বৰ গোচৰ ৰুজু কৰি 120B,392,511IPC ৰ অধীনত জেল হাজোতলৈ প্ৰেৰণ কৰে ৰূপহীহাট আৰক্ষীয়ে।