ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া আহিন মহীয়া বানৰ প্ৰকোপ

ৰাজ্যৰ বিভিন্ন স্থানত এতিয়া আহিন মহীয়া বানৰ প্ৰকোপ বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। ফেনে-ফুটুকাৰে নৈ-উপনৈ সমূহ পানী বাঢ়ি অহাৰ সমান্তৰাল ভাৱে নকৈ প্লাবিত হৈছে বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্য কিছু অংশ। বুঢ়াচাপৰি ৰাজহ গাঁও আৰু অভয়াৰণ্য সীমিত থকা বগানলাৰে হুৰাহুৰে অভয়াৰণ্য খনত সোমাইছে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী। বিগত তিনিদিন ধৰি অভয়াৰণ্য খনত পানী সোমাই আহি কিছু-কিছু ঠাই প্লাৱিত কৰাৰ লগে-লগে ভাবুকি আহি পৰিছে বন্যপ্ৰাণী সমূহৰ প্ৰতি। যাৰ বাবে অভয়াৰণ্য খনত নিয়োজিত বনকর্মী সকলে দিনে-নিশাই অধিক তৎপৰহৈ পৰিছে বুলি সদৰি কৰিছে বনকর্মী সকলে। ইফালে অভয়াৰণ্য খনলৈ ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী সোমাই অহাৰ লগে-লগেই জীৱ জন্তুসমূহ ওলাই আহে পাশৱৰ্তী অঞ্চলসমূহত যদিও ৰাইজে বনকর্মী সকলক খবৰ দি জন্তুসকলক উদ্ধাৰ কৰাত সহায় কৰি আহে কৰে বুলিও সদৰী কৰে বনকর্মী সকলে।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *