ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সুখবৰ!

61

ৰাজ্যৰ তৃতীয়-চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ বাবে সুখবৰ!

শিক্ষকৰ দৰে লাভ কৰিব পাৰস্পৰিক বুজাবুজিৰ বদলিৰ সুবিধা।

শিক্ষকসকলৰ দৰে ৰাজ্যৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলেও পাৰস্পৰিক বুজাবুজিৰ বদলিৰ সুবিধা লাভ কৰিব।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে এক সংবাদমেলযোগে এই কথা সদৰি কৰে।

এই সন্দৰ্ভত অচিৰেই ৰাজ্য চৰকাৰে এক নীতি-নিৰ্দেশনা জাৰি কৰিব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়-মই শিক্ষামন্ত্ৰী হৈ থকাৰ সময়ত শিক্ষকসকলৰ বাবে গৃহজিলালৈ বদলিৰ সুবিধা হোৱাকৈ এই নিয়ম প্ৰৱৰ্তন কৰা হৈছিল।

অনুৰূপ নিয়মেই ৰাজ্যৰ আন বিভাগত নিয়োজিত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ বৰ্গৰ কৰ্মচাৰীৰ বাবেও কৰাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা-চৰ্চা কৰিছে।

এখন প পত্ৰত পাৰস্পৰিক বুজাবুজিৰে গৃহজিলালৈ বা ঘৰৰ সমীপৰ কোনো স্থানলৈ বদলি হব খোজা দুয়োগৰাকী কৰ্মচাৰীয়ে স্বাক্ষৰ কৰি দিলেই তেওঁলোকে বদলিৰ নিৰ্দেশ লাভ কৰিব।

ইয়াৰ জৰিয়তে ৰাজ্যৰ কেইবা লক্ষাধিক কৰ্মচাৰী উপকৃত হ’ব বুলিও তেওঁ সংবাদমেলত জানিবলৈ দিয়ে।