ৰাজ্যত কিদৰে চলিছে পশু চিকিৎসালয়

ৰাজ্যত কিদৰে চলিছে পশু চিকিৎসালয় ?

অতি সম্প্ৰতি লাম্পী ভাইৰাছ বিধৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে ।নামনি অসমৰ বিলাসীপাৰাতো লাম্পী ভাইৰাছে পশু পালক তথা কৃষকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি কৰিছে
তেনে সময়ত বিলাসীপাৰাৰ সাপটগ্ৰাম ৰাজ্যিক পশু চিকিৎসালয়ৰ পঁয়ালগা অৱস্থাই পশুৰ চিকিৎসাত ভেকোঁ ভাওঁনাত পৰিণত কৰিছে বুলি অভিযোগ উঠিছে ।
চিকিৎসালয় খনত এজন চিকিৎসক আছে যদিও নিয়মীয়াকৈ চিকিৎসালয় খনত উপস্থিত নাথাকে বুলি অভিযোগ উঠিছে ।চিকিৎসালয় খনত থকা একমাত্ৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰে চলি আহিছে ।
পশু চিকিৎসালয় খনৰ লগতে কৰ্মচাৰীৰ আৱাস গৃহ সমূহ জহিখহি যাৱলৈ লৈছে ।সম্প্ৰতি বন জংঘলে আৱৰি ধৰা আৱাস গৃহ সমূহত নিশা হলে মদ আৰু জুৱাৰ আড্ডা চলে বুলি ৰাইজে অভিযোগ কৰিছে ।
পশুৰ চিকিৎসাৰ ক্ষেত্ৰত চৰম দুৰ্ভোগ ভুগি অহা ৰাইজে চিকিৎসালয় খনৰ মেৰামতি কৰি নিয়মীয়া চিকিৎসক নিয়োগৰ দাবী জনাইছে ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *