ৰাজস্থানত শোকাৱহ ঘটনা

84

ৰাজস্থানত শোকাৱহ ঘটনা ৷ ৰাজস্থানৰ ৰাজসামন্দ জিলাৰ খামনোৰত নিৰ্মাণাধীন এটা বিল্ডিঙৰ চাদ ভাঙি পৰাৰ ফলত থিতাতে মৃত্যু ঘটে 4 শ্ৰমিকৰ । সোমবাৰে নিশাৰ ভাগত সংঘটিত হৈছিল এই দুৰ্ঘটনাটো ৷ প্ৰায় 5 ঘণ্টা পৰ্যন্ত ধৰি চলোৱা উদ্ধাৰ অভিযানৰ অন্তত মঙলবাৰৰ পুৱা ধ্বংসাৱশেষৰ তলত আৱদ্ধ হৈ পৰা 9 শ্ৰমিকক উদ্ধাৰ কৰিবলৈ সক্ষম হয় উদ্ধাৰকাৰী দল ।নিশা নিৰ্মাণাধীন অট্টালিকাটোৰ চাদৰ তলৰ পৰা কিছু বাঁহৰ খুঁটা আঁতৰাই নিয়াৰ পিছত এই ঘটনা সংঘটিত হয় । 13 জন শ্ৰমিক বিল্ডিংটো চাফা আৰু ৰং কৰিবলৈ ভিতৰলৈ যোৱাৰ সময়তে চাদখন খহি পৰে ।”চাদৰ তলত আৱদ্ধ হৈ হীৰালালে গাঁওবাসীক ফোনযোগে দুৰ্ঘটনা সম্পৰ্কে অৱগত কৰে আৰু গাঁওবাসীয়ে আৰক্ষীক জনায় ৷ ইয়াৰ পাচতে ভানৱৰলাল আৰু আৰক্ষী অধীক্ষক মনীষ ত্ৰিপাঠীয়ে ঘটনাস্থলীত উপস্থিত হয় ৷